কলাইগঁৱাত প্ৰাধান মন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীৰ ঘৰত নিশা কটালে বিষয়া-কৰ্মচাৰীয়ে

কলাইগঁৱাত প্ৰাধান মন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীৰ ঘৰত নিশা কটালে বিষয়া-কৰ্মচাৰীয়ে

নৱ দলৈৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিৰ্দেশমৰ্মে এনিশা কটালে প্ৰধান মন্ত্ৰী আৱাস যোজনা গৃহৰ হিতাধিকাৰীৰ সৈতে বিষয়া-কৰ্মচাৰীয়ে ।

কলাইগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত ভেৰভেৰী আৰু বৰবাগান গাঁও পঞ্চায়তৰ মুঠ ৪২টা প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহত কেন্দ্ৰীয় চৰকাৰৰ নীতি-নিৰ্দেশনা অনুসৰী বিষয়া-কৰ্মচাৰীসকলে হিতাধিকাৰীসকলৰ নৱনিৰ্মিত বাসগৃহসমুহত একেলগে এনিশা কটোৱা পৰিলক্ষিত হয় ।

কলাইগঁৱাত প্ৰাধান মন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীৰ ঘৰত নিশা কটালে বিষয়া-কৰ্মচাৰীয়ে

কলাইগাঁও উন্নয়ন খণ্ডৰ গাণনিক আচিৰুদ্দিন আহমেদকে ধৰি অভিযন্ত্ৰাসকলৰ লগতে কৰ্মচাৰীসকলে সম্পূৰ্ণ হোৱা গৃহসমূহত হিতাধিকাৰীৰ সৈতে নিশাটো কটোৱাৰ ব‍্যাপক তৎপৰতা দেখিবলৈ পোৱা গ'ল ।

ইপিনে বিষয়া-কৰ্মচাৰীসকলৰ সৈতে দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ হিতাধিকাৰীসকলে নিশাটো একেলগে কটাবলৈ পায় উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে । চৰকাৰৰ শেহতীয়া পৰীক্ষামূলকভাৱে এনে ব‍্যতিক্ৰমী পদক্ষেপে অনাগত দিনসমূহত কেনেধৰণৰ সফলতা কঢ়িয়াই আনে সেয়াহে লক্ষণীয় বিষয় হ'ব ৷

Your Comments