শ্ৰেণী কোঠা এৰি এইবাৰ প্ৰতিবাদত ঠিকা ভিত্তিক টেট শিক্ষক: উত্তাল খানাপাৰা পশু চিকিৎসা খেল পথাৰ

tet

 নিউজ ডেস্ক:

শনিবাৰে হাজাৰ হাজাৰ ঠিকা ভিত্তিক টেট শিক্ষকৰ প্ৰতিবাদত উত্তাল হ'ল খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেল পথাৰ। ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা অহা ঠিকা ভিত্তিক প্ৰাথমিক টেট শিক্ষক সকলে চাকৰি বিনাচৰ্তে সুৰক্ষাসহ নিয়মীয়াকৰণ কৰাৰ দাবীত তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰে । টেটৰ জৰিয়তে নিজৰ যোগ্যতা প্ৰমাণ কৰি শিক্ষক পদত কাৰ্যনিৰ্বাহ কৰাৰ সাত বছৰৰো অধিক কালৰ পিছত আকৌ এবাৰ নিজৰ যোগ্যতাৰ প্ৰমাণ নিদিয়ে এই সকল ঠিকা ভিত্তিক টেট শিক্ষকে।তেওঁলোকে কয়, তেওঁলোকে নিবিচাৰে কোনো আন্দোলন অথবা প্ৰতিবাদ। কিন্তু শিক্ষামন্ত্ৰীয়ে তেওঁলোকৰ লগত  ষড়যন্ত্ৰ কৰিছে।  

আজি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা দিছপুৰ চলো কাৰ্যসূচী ৰূপায় কৰিছিল ঠিকা ভিত্তিক টেট শিক্ষক সকলে। হাতে হাতে প্লেকাৰ্ড লৈ আমাৰ দাবী ন্যায্য দাবী,  নিৰ্বাচনী ইস্তাহাৰত লিখা প্ৰতিশ্ৰুতি পূ কৰক, শিক্ষকক লৈ ৰাজনীতি নকৰিব,  আমাক বিনাচৰ্তে বেতন সুৰক্ষা সহ নিয়মীয়াকৰণ কৰক , শিক্ষামন্ত্ৰী য়ে শিক্ষকক অপমান কৰা বন্ধ কৰক আদি শ্লোগানেৰে উত্তাল কৰে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ।

ঠিকা ভিত্তিক টেট শিক্ষকসকলে যদিও দিছপুৰ চলো কাৰ্য্যসূচী ৰূপায় কৰিছিল কিন্তু খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা আৰক্ষী প্ৰশাসনৰ লোকে  তেওঁলোকক  আদ্ধ কৰি ৰাখে । প্ৰতিবাদকাৰী টেট শিক্ষকসকলক বাধা দিবলৈ আৰক্ষীয়ে ১২ টা কৈ বেৰিকেড নিৰ্মা কৰে। আনহাতে প্ৰতিবাদী সমাবেশত উপস্থিত থকা টেট শিক্ষকসকলে কয় যে " শিক্ষামন্ত্ৰীয়ে  ৪১ হাজাৰ ঠিকা ভিত্তিক টেট শিক্ষক লগত ষড়যন্ত্ৰ কৰিছে। ইয়াৰ পৰাই আমি শিক্ষামন্ত্ৰীক দেখুৱাই দিব বিচাৰিছোঁ যে যদি তেওঁ আমাৰ সমস্যাসমূহৰ একো সমাধান নকৰে তেনেহলে এইয়া কিন্তু আৰম্ভণিহে। বিশিষ্ট সাংবাদিক অদীপ কুমাৰ ফুকনে টেট শিক্ষক সকলৰ সমৰ্থনত ভাষণ প্ৰদান কৰে।

tet2 

খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আজি  ঠিকা ভিত্তিক টেট শিক্ষকসকলৰ লগতে দল সংগঠনৰ নেতা,  জ্যেষ্ঠ সাংবাদিক আৰু বুদ্ধিজীৱীসকলো উপস্থিত থাকে। প্ৰতিবাদৰ সময়তে প্ৰতিবাদস্থলীত কেইবাগৰাকীও টেট শিক্ষয়িত্ৰী গৰমৰ ফলত মাটিত ঢলি পৰে। কিন্তু তাৰে একাংশই প্ৰতিবাদকাৰীয়ে অভিযোগ কৰি কয় যে ৰ'দত মোৰ ঘূৰাই ঢলি পৰা শিক্ষয়িত্ৰী গৰাকীক চিকিৎসাৰ বাবে ১০৮ লৈ আনি থাকোতে প্ৰশাসনৰ লোকে তেওঁলোকক আদ্ধ কৰি ৰাখে। পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদৰ শেষত অসম আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ হাতত তেওঁলোকে স্মাৰকপত্ৰ দিয়ে। প্ৰতিবাদকাৰী টেট শিক্ষকসকলে গণতান্ত্ৰিক ভাৱে প্ৰতিবাদ কৰাৰ বাবে তেওঁলোকক ধন্যবাদ দিয়াৰ লগতে ঠিকা ভিত্তিক টেট শিক্ষকসকলৰ স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীক প্ৰেৰণ কৰাৰ কথাও উল্লেখ কৰে।

Your Comments