নাৰেংগী আঞ্চলিক মহাবিদ্যালয়ৰ আলোচনী বিভাগৰ সহযোগত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ২৯ জুনত অনুষ্ঠিত হয় সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী 'কাব্যচিন্তন'।মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 'তোৰে মোৰে আলোকৰে যাত্ৰা' গীতেৰে শুভাৰম্ভ কৰা অনুষ্ঠানৰ আঁত ধৰে ডঃ লখিমী গগৈয়ে।
সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি আনিছ উজ জামান,মহাবিদ্যালয়ৰ অধ্যক্ষ ৰীতা দত্ত হাজৰিকা,প্ৰচাৰ সম্পাদকদ্বয় ক্ৰমে মদাৰজ্যোতি আৰু অচ্যুত কুমাৰ বৰা,কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সঞ্জীৱ সাগৰ চৌধুৰী আৰু বিশিষ্ট কবি তথা সন্মিলনৰ আজীৱন সভ্য দীপিকা শইকীয়া, মৃণাল কুমাৰ বৰাৰ উপস্থিতিত সন্মিলনৰ প্ৰধান সম্পাদক উজ্জ্বল পাওগামে আদৰণি ভাষণ প্ৰদান কৰে।ভাষণ প্ৰসংগত তেওঁ কয়-'২০১৭-১৯ কাৰ্যনিৰ্বাহক বৰ্ষত আমি ডেৰ শতাধিক মহাবিদ্যালয়ৰ সৈতে জড়িত হৈছোঁ আৰু আজিৰ কাৰ্যসূচী আমাৰ ত্ৰিশতম কাব্যচিন্তন কাৰ্যসূচী।বিশিষ্ট সমল ব্যক্তিৰ কবিতা বিষয়ক মনোজ্ঞ বক্তৃতাৰ শ্ৰৱণৰ মাজেৰে বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ'লে আমাৰ শ্ৰম সাৰ্থক হ'ব।' উল্লেখ্য যে,'কাব্যচিন্তন'ৰ সমূহ বক্তৃতা একেলগে গ্ৰন্থিত কৰি পাঠকলৈ আগবঢ়োৱাৰ প্ৰস্তুতি চলি আছে বুলি প্ৰধান সম্পাদকজনে জানিবলৈ দিয়ে।
মহাবিদ্যালয়ৰ অধ্যক্ষৰ একাষাৰৰ পিছতেই কাব্যচিন্তন অনুষ্ঠানৰ প্ৰসংগ বিষয় 'কবিতাৰ সান্নিধ্য' বিষয়ত বক্তব্য প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ডঃ বিভাস চৌধুৰীয়ে।কবিতাৰ সান্নিধ্য প্ৰসংগত তেওঁ কয়-কবিতাৰ প্ৰভাৱ কেৱল পাঠক-কবিৰ ওপৰতেই নপৰে।সাধাৰণ সকলো পঢ়ুৱৈৰ ওপৰতো ইয়াৰ প্ৰভাৱ অপৰিসীম। কবিতাৰ সান্নিধ্যই জীৱনৰ দেখা-অদেখা বৈচিত্ৰময় স্বৰূপৰ আৱিস্কাৰ কৰাত বিশেষ প্ৰেৰণা যোগায়। বিশিষ্ট কবি তথা সন্মিলনৰ প্ৰাক্তন সভাপতি আনিছ উজ জামানে অসমীয়া বৰগীত, বৈষ্ণৱ শাস্ত্ৰৰ পদ,লোকগীত, বিহুগীত,বিয়ানাম,আইনাম, লোক কবিতা,আধুনিক অসমীয়া কবিতা, দেশ- বিদেশৰ কবিতাৰ পংক্তিৰ বিস্তৰ উল্লিখনৰে কবিতা যে সকলোৰে মাজত আছে, সকলোৱেই যে কবিতাৰ দ্বাৰা উত্তোলিত হয়,এই বিষয়ে বক্তব্যপ্ৰসংগত শ্ৰুতিমধুৰকৈ প্ৰকাশ কৰে।
ইয়াৰ পিছতেই মহাবিদ্যালয়ৰ অধ্যাপক, ছাত্ৰ-ছাত্ৰী সমণ্বিতে প্ৰায় ডেৰকুৰি কবিৰ কবিতা পাঠ আৰু ইংৰাজী বিভাগৰ অধ্যাপক মুক্তা পুৰকায়স্থ , হিন্দী বিভাগৰ অধ্যাপক সুধা কুমাৰীক সম্বৰ্ধনা জনোৱাৰ অন্তত ডঃপৰিণীতা শইকীয়া বৰাই শলাগৰ শৰাই আগবঢ়ায়।কাব্যমন্ত্ৰৰে সভাৰ সামৰণি পৰে ।
- Log in to post comments
- 72 views