'নিউজ এএছএন'ৰ বাতৰিৰ প্ৰভাৱ:পানী মেচিন জমা হৈ থকা উলুবাৰীৰ অভিযান্ত্ৰিক কার্যালয় পৰিদৰ্শন কৰিলে কৃষিমন্ত্ৰী অতুল বৰাই

agri

নিউজ ডেস্ক :

নিউজ এএছএনৰ বাতৰিৰ প্রভাৱ।কৃষি বিভাগৰ কামৰূপ সংমণ্ডলৰ অভিযান্ত্ৰিক কাৰ্যালয়ৰ গুদামঘৰ পৰিদর্শন কৰিলে কৃষিমন্ত্ৰী অতুল বৰাই।কাৰ্যালয়টো পৰিদর্শন কৰোঁতে কৃষিমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে কৃষি সঞ্চালক মনোজ কুমাৰ।agri3

উল্লেখ্য যে 'নিউজ এএছএন'ত আজি পুৱাভাগত উলুবাৰীস্থিত কৃষি অভিযান্ত্ৰিক কাৰ্যালয়ৰ সন্মুখত থকা গুদামঘৰটোত গ্রাম্য আন্তঃগাঁঠনি উন্নয়ন পুঁজিৰ অধীনত ৰাজ্যৰ কৃষকসকলক ৭৫ শতাংশ ৰাজসাহায্যত যোগান ধৰাৰ বাবে ক্ৰয় কৰা একাংশ পানী মেচিন কিদৰে গুদামটোত পেলাই থোৱা হৈছে,তাৰ ফটোসহ সবিশেষ প্ৰকাশ কৰা হৈছিল। ইয়াৰ উপৰিও কৃষি বিভাগৰ কাৰ্যবাহী অভিযান্ত্ৰিক কাৰ্যালয়টোত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত ৫০ শতাংশ ৰাজসাহায্যত কৃষকক যোগান ধৰাৰ বাবে ক্ৰয় কৰা দুটা ধান সৰা মেচিন আৰু কৃষি বিভাগৰ অধীনত ক্ৰয় কৰাৰ এখন পাৱাৰ টিলাৰ ট্ৰেক্টৰ কিদৰে পেলাই থোৱা হৈছে,সেই সন্দৰ্ভতো বিতংকৈ বৰ্ণনাৰ লগতে ফটো প্ৰকাশ কৰা হৈছিল।agri2

এই  বাতৰিটো প্ৰকাশ পোৱাৰ কেইটামান ঘণ্টাৰ পিছতে কৃষিমন্ত্ৰীগৰাকীয়ে পৰিদর্শন কৰে গুদামটো।গুদামটো পৰিদৰ্শন কৰি কৃষিমন্ত্ৰী অতুল বৰাই জবাবদিহী কৰে কাৰ্যালয়টোত থকা কামৰূপ জিলা কাৰ্যবাহী কৃষি অভিযন্তাগৰাকীক। ইফালে, গুৰুত্বপূৰ্ণ কথা এই যে মন্ত্ৰী অতুল বৰাৰ পৰিদর্শনৰ সময়ত জিলা কৃষি কাৰ্যবাহী অভিযন্তাগৰাকীয়ে মৰণা মৰা মেচিন দুটাৰ বিষয়ে সবিশেষ তথ্য প্ৰদান কৰে  যদিও পাৱাৰ টিলাৰখন কৃষকক প্ৰদৰ্শন  কৰাৰ বাবে কোম্পানীয়ে এই গুদাম ঘৰটোত থোৱা বুলি জানিবলৈ দিয়ে। ইফালে, গুদাম ঘৰটোত থকা ২০টাকৈ বিভিন্ন প্ৰকাৰৰ কৃষিৰ বাবে প্ৰয়োজনীয় মেচিনৰ,কেইটামানৰ সবিশেষ দিব পাৰিলে যদিও বহুকেইটা মেচিনৰ হিচাপ কৃষি মন্ত্ৰীগৰাকীক দিব নোৱাৰিলে জিলা কাৰ্যবাহী অভিযন্তাগৰাকীয়ে।

আনহে নালাগে,জিলা কৃষি কাৰ্যবাহী অভিযন্তাগৰাকীয়ে অসহায় হৈ কৃষি মন্ত্ৰীগৰাকীক জানিবলৈ দিয়ে কৃষকৰ বাবে ক্ৰয় কৰাৰ ২০টাকৈ বতাহৰ দ্বাৰা শীতলীকৰণৰ যন্ত্ৰৰ  কোম্পানীক পুনৰ ঘূৰাই দিয়া হ'ব বুলিহে অৱগত কৰে।

ইয়াৰ উপৰিও কৃষিমন্ত্ৰী বৰাই আজি পৰিদর্শন কৰে উলুবাৰীৰ নাৰ্ছাৰীত থকা কৃষি বিভাগৰ পুনঃনিৰ্মাণ কৰি থকা মাটি পৰীক্ষাগাৰৰ কামৰ অগ্ৰগতি।

Your Comments