ওদালগুৰিৰ পৰা ৰিজুল হক
ওদালগুৰি আৰু ভেৰগাঁও জিলা এবিএমছুৰ যৌথ উদ্যোগত এবিএমছুৰ প্ৰাক্তন সভাপতি শ্বহীদ লাফিকুল ইছলামৰ হত্যাৰ উচিত তদন্তৰ দাবীত ওদালগুৰি চহৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয়।উল্লেখযোগ্য যে এবিএমছুৰ কেন্দ্ৰীয় সভাপতি লাফিকুল ইছলামক কোকৰাঝাৰত অচিনাক্ত বন্ধুকধাৰীয়ে নিচেই ওচৰৰ পৰা গুলীয়াই হত্যা কৰিছিল।
শ্বহীদ লাফিকুলৰ হত্যাকাৰীক চিনাক্ত কৰি উচিত শাস্তি প্ৰদান কৰাৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।লগতে সংখ্যালঘু জনসাধাৰণক 'ডি ভোটাৰ' আৰু 'এনআৰচি'ৰ নামত হাৰশাস্তি বন্ধ কৰাৰ দাবী উত্থাপন কৰা হয়।
- Log in to post comments
- 25 views