ওড়িশাৰ হাস্পতালত 'টিক টক' ভিডিঅ' কৰিলে নাৰ্ছে: কৰ্তব্যত অৱহেলাৰ বাবে সন্মুখীন হ'ব পাৰে শাস্তিমূলক ব্যৱস্থাৰ

tik tok

ওড়িশাৰ মলকানগিৰীত জিলা হাস্পতালত ৰুগ্ন নৱজাতকৰ চিকিৎসা কক্ষত বিভিন্ন ভাবভংগীমাৰে 'টিক টক' ভিডিঅ' প্ৰস্তুত কৰিলে একাংশ নাৰ্ছে।ভিডিঅ'টোত এগৰাকী নাৰ্ছে ব্যৱহাৰ কৰিলে এটা নৱজাতককো।নাৰ্ছগৰাকীয়ে ৰুগ্ন নৱজাতকটোক হাতত লৈ অভিনয় প্ৰদৰ্শন কৰিলে,যিটো নৱজাতকটোৰ বাবে বিপদজনক আছিল।কিন্তু ছ'চিয়েল মিডিয়াত জনপ্ৰিয় হ'বলৈ গৈ কৰ্তব্যত অৱহেলা কৰা নাৰ্ছসকলৰ এতিয়া চাকৰিৰ বাবে টনা-আজোৰা হৈছে।


কৰ্তব্যত অৱহেলা কৰি  নৱজাতকসকলৰ বাবে বিপদজনক পৰিস্থিতিৰ সৃষ্টি কৰা এই নাৰ্ছসকললৈ কাৰণ প্ৰদৰ্শন জাননী জাৰি কৰিছে হাস্পতাল কৰ্তৃপক্ষই।'টিক টক'ৰ নিচাত ডুবি থকা নাৰ্ছসকল সন্মুখীন হ'ব পাৰে শাস্তিমূলক ব্যৱস্থাৰ।

Your Comments