বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয় ভৰি পৰিছে দুৰ্নীতিগ্ৰস্ত বিষয়াৰে । টকা দিলে নোহোৱা কৰি দিয়ে আদায় দিব থকা বিলৰ মাচুলৰ তথ্য ।
এনে এক ঘটনা ঘটিছে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ মতিগাঁৱৰ হস্তবাহাদুৰ চেত্ৰীৰ পৰিয়ালত । জানিব পৰামতে তেওঁৰ ২,২২,৮৭৫ টকাৰ বিদ্যুৎ বিল পৰিশোধ কৰিবলগা আছিল ।
কিন্তু যোৱা ৮মাহ আগতে হস্তবাহাদুৰৰ পুত্ৰ পৰশুৰাম থাপা আৰু একেখন গাঁৱৰ পুষ্প চেত্ৰীৰ সৈতে ৫৫ হাজাৰ টকা আদায় দিয়ে তামুলপুৰ উপ-বৈদ্যুতিক সংমণ্ডলৰ প্ৰবন্ধক প্ৰভাত চন্দ্ৰ কলিতাক ।
৫৫ হাজাৰ টকা আদায়ৰ পিছত প্ৰবন্ধক কলিতাই তেওঁৰ বাকীখিনি মাচুল ৰেহাই দিয়া বুলি কয় ৷ আনহাতে, পৰিয়ালটোৰ সৰু পুত্ৰ বিকাশ থাপাৰ নামত অন্য এটি বিদ্যুৎ সংযোগ কৰি দিয়ে ।
কিন্তু তেওঁলোকে মাচুলখিনি দিলে যদিও আজিলৈ মাচুল জমাৰ কোনো প্ৰমাণ-পত্ৰ উক্ত পৰিয়ালটোক প্ৰদান কৰা নাই বিভাগটোৱে ৷ ইয়াৰ বিপৰীতে পিছত দিম বুলিহে আস্বাস দিয়ে প্ৰবন্ধক কলিতাই ।
কিন্ত কালি পুনৰ বিকাশ থাপাৰ বিলৰ সৈতে পিতৃ হস্তবাহাদুৰ চেত্ৰীৰ ২,২২,৮৭৫ টকাৰ এখন বিল পোৱাত জেষ্ঠ পুত্ৰ পৰশুৰাম থাপাৰ চকু কপালত উঠে । তেওঁ সংবাদ মাধ্যমক জানিব দিয়ামতে, তেওঁ পুষ্পৰাম চেত্ৰীৰ সৈতে গৈ তামুলপুৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ প্ৰবন্ধক প্ৰভাত চন্দ্ৰ কলিতাক নিজহাতে ৫৫ হাজাৰ টকা জমা দিছিল ।
কিন্তু তেঁও নিজহাতে জমা দিয়া টকাখিনি এতিয়া ক'লৈ গ'ল বুলি হতচকিত হৈ পৰিছ ৷ হয়তো জমা দিয়া ৫৫ হাজাৰ টকা মুঠ বিলৰ মাচুল ২,২২,৮৭৫ টকাৰ পৰা হ্ৰাস হৈ আহিব লাগিছিল বুলি তেওঁ লগতে উল্লেখ কৰে ।
এতিয়া জমা দিয়া টকাখিনি বিষয়াগৰাকীয়ে কাৰ্যালয়তে হৰলুকি কৰা বুলি তেওঁ সন্দেহৰ আঙুলি টোঁৱাইছে । আনহাতে, তেওঁ প্ৰশ্ন কৰে যে যদি পুৰণি বিলৰ মাচুল সম্পূৰ্ণ পৰিশোধ হোৱাই নাছিল তেন্তে এন্য এটা নতুন সংযোগ কিয় প্ৰদান কৰিলে ?
বিষয়াগৰাকীৰ আশ্বাসতে বিকাশ থাপাৰ নামত এল টি ১২৯০২০ নম্বৰ মিটাৰত পৰিয়ালটোৱে এটা নতুন সংযোগ লোৱা বুলি উল্লেখ কৰি এতিয়া আমি দুখন বিলৰ মাচুল কেনেদৰে আদায় দিব তাকে ভাবি পৰিয়ালটোৱে মূৰে-কপালে হাত দিবলগীয়া হৈছে ৷
জানিব পৰামতে, তামুলপুৰ উপ-সংমণ্ডলৰ প্ৰবন্ধক প্ৰভাত চন্দ্ৰ কলিতাই তামুলপুৰ বৈদ্যুতিক সংমণ্ডলৰ অন্তৰ্গত একেখন গাঁৱৰে ধৰ্ম পাল, বগৰিখুটি গাঁৱৰ আনন্দ মণ্ডল, মহেন্দ্ৰ নগৰৰ জীতেন্দ্ৰ সৰকাৰ আদি লোকৰ পৰাও একে ধৰণে বিলৰ মাচুলৰ মুঠ পৰিমাণৰ পৰা ৰেহাই দিয়াৰ আশ্বাস দি ধন লৈছিল ৷
উক্ত বিষয়াগৰাকীয়ে তামুলপুৰ উপ-সংমণ্ডলৰ অধীনস্থ তামুলপুৰ মহকুমাটোত বিভিন্ন গাঁৱৰ পৰিয়ালৰ লোকৰ পুৰণি বিল বন্ধ কৰি নতুন এটা সংযোগ কৰি দিয়াৰো অভিযোগ বহু দিনৰে পৰা উত্থাপন হৈ আহিছে ।
কিন্তু আজিলৈকে বিভাগীয়ভাৱে কলিতাৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা হোৱা নাই ৷ সেয়েহে এতিয়া স্থানীয় ৰাইজৰ সন্দেহ প্ৰকাশ কৰিছে যে এই ক্ষেত্ৰত তেওঁৰ লগত আন কোনোবা বিষয়া হয়তো জড়িত হৈ আছে ৷
- Log in to post comments
- 21 views