পত্নীক হত্যাৰ চেষ্টা কৰি স্বামীয়ে নিজে ডিঙি কাটি আত্মহত্যা কৰা ঘটনাই তামুলপুৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
উল্লেখ্য যে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাৰ মেজগুৰি পুখুৰীপাৰ গাঁৱত শুকুৰবাৰে এজন লোকে নিজৰ পত্নীক ডিঙি চেপি হত্যাৰ চেষ্টা চলাই পিছত নিজে দাৰে নিজৰ ডিঙি কাটি আত্মহত্যা কৰে ৷
জানিব পৰামতে, মেজগুৰি গাঁৱৰ লক্ষণ বৈশ্য (২৮) নামৰ লোকজনৰ পাৰিবাৰিক অশান্তিৰ বাবেই পত্নী মালতী বৈশ্য (২০)ৰ সৈতে কাজিয়াৰ সূত্ৰপাত হয়।
সেই কাজিয়াই পিছত চৰম সীমা চেৰাই গৈ স্বামী লক্ষণে অন্তঃসত্বা পত্নী মালতী বৈশ্যক ডিঙি চেপি হত্যাৰ চেষ্টা কৰে ৷ এই কাৰ্যত গুৰুতৰভাৱে আহত হয় মালতী ।
লগে লগে মালতীক কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ আনপিনে, পত্নীক হত্যাৰ চেষ্টা কৰি পিছত লক্ষণে এখন দাৰে নিজৰ ডিঙি কাটি আত্মহত্যা কৰে ।
এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মুন্না পাচনীয়ে আৰক্ষী বাহিনীৰ সৈতে ঘটনাস্থলীত উপস্থিত হয় ৷ পিছত ঘটনাস্থলীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি কুমাৰীকাটা আৰক্ষী চকীলৈ আনি মৰণোত্তৰ পৰীক্ষাৰ বাবে মচলপুৰলৈ প্ৰেৰণা কৰে ।
আৰক্ষীয়েও পাৰিবাৰিক অশান্তিৰ বাবেই ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰিছে ৷ ঘটনা সম্পৰ্কত অধিক তথ্যৰ বাবে আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে ৷
- Log in to post comments
- 6 views