ধৰ্মীয় সংখ্যালঘুক লৈ আৰু ৰাজনীতি কৰিবলৈ দিয়া নহ'ব- এবি এমছু 

 ধৰ্মীয় সংখ্যালঘুক লৈ আৰু ৰাজনীতি কৰিবলৈ দিয়া নহ'ব- এবি এমছু 

অসমত বসবাস কৰা ধৰ্মীয় সংখ্যালঘু লোকসকলক লৈ অসমৰ ৰাজনৈতিক দল-সংগঠনে বছৰ বছৰ ধৰি ৰাজনীতি কৰি আহিছে । এইসকল লোকক সময়ে সময়ে ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে ।

কিন্তু ধৰ্মীয় সংখ্যালঘু লোকক লৈ আৰু কাকো ৰাজনীতি কৰিবলৈ দিয়া নহ'ব । এই ভাষ্য সদৌ বিটিএডি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবি এমছুৰ সভাপতি শ্বাহকামাল খণ্ডকাৰৰ ।

 ধৰ্মীয় সংখ্যালঘুক লৈ আৰু ৰাজনীতি কৰিবলৈ দিয়া নহ'ব- এবি এমছু 

তামুলপুৰ আঞ্চলিক এবি এমছুৰ উদ্যাগত আৰু তামুলপুৰ জিলা এবি এমছুৰ সহযোগত আজি তামুলপুৰ মহকুমাৰ অন্তৰ্গত চাপাতলত এন আৰ চিক লৈ অনুষ্ঠিত এক বিশাল সজাগতা সভাত ছাত্ৰ নেতাজনে এই মন্তব্য আগবঢ়ায় ।

প্ৰসঙ্গক্ৰমে তেওঁ কয় যে এন আৰ চিৰ দ্বিতীয় খচৰাত নাম বাদপৰা প্ৰকৃত ভাৰতীয় নাগৰিকক এন আৰ চিৰ দাবী আৰু আবেদন-পত্ৰ পূৰণৰ বাবে জাতি-ধৰ্ম-বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোকে এবি এমছুৱে সহায় কৰি যাব ।

ইয়াৰ বাবে এবি এমছুৰ প্ৰতিখন আঞ্চলিকৰ বাবে 'হেল্প চেণ্টাৰ' মুকলি কৰা বুলিও সংখ্যালঘু ছাত্র নেতাজনে সদৰী কৰে । ইপিনে ৰাষ্ট্ৰীয় পৰ্যায়ত এন আৰ চিক লৈ অপপ্ৰচাৰ চলোৱা কাৰ্য দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে শ্বাহ কামাল খণ্ডকাৰে ।

তামুলপুৰ জিলা এবি এমছুৰ কাৰ্যকৰী সভাপতি হালিম খানৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উদ্বোধনী ভাষণ আগবঢ়ায় তামুলপুৰ জিলা এবি এমছুৰ সভাপতি টাইছন হুছেইনে ।

ভাষণত হুছেইনে কয় যে এবি এমছুৱে অসমত এখন বিদেশীমুক্ত শুদ্ধ এন আৰ চি প্ৰস্তুত হোৱাটো বিচাৰে । কিন্তু এন আৰ চিৰ পৰা প্ৰকৃত  ভাৰতীয় নাগৰিকৰ নাম বাদপৰাটো এবি এমছুয়ে কেতিয়াও নিবিচাৰে ।

 ধৰ্মীয় সংখ্যালঘুক লৈ আৰু ৰাজনীতি কৰিবলৈ দিয়া নহ'ব- এবি এমছু 

অহা ১১ আগষ্টৰ পৰা এবি এমছুৱে এন আৰ চিৰ খচৰাত বাদ পৰা প্ৰকৃত ভাৰতীয় লোকসকলক সকলোধৰণৰ সহায়-সহযোগ কৰিব বুলি তেওঁ আশ্বাস প্ৰদান কৰে |

সভাত বাক্সা জিলা এন আৰ চিৰ বিষয়া তফিকুৰ ৰহমান উপস্হিত থাকি এন আৰ চিৰ খচৰাত নাম বাদপৰা ৰাইজক শংকিত ন'হৈ সঠিকভাবে প্ৰ-পত্রসমূহ পূৰণ কৰিবলৈ আহ্বান জনায় ।

সভাত এবি এমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক নজৰুল ইছলাম, তামুলপুৰ থানাৰ সহকাৰী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপেন চন্দ্ৰ বৰ্মন, তামুলপুৰ জিলা আৰু আঞ্চলিক এবি এমছুৰ সকলো বিষয়ববীয়া আৰু দুই সহস্ৰাধিক ৰাইজ উপস্হিত থাকে ।

ইফালে এবি এমছুৰ এনে পদক্ষেপক ৰাইজে ভূয়সী প্ৰশংসা কৰে আৰু এবি এমছুক সকলো প্ৰকাৰে সহায় কৰি যাব বুলি আশ্বাস দিয়ে ।

Your Comments