লেহেমীয়া ফ'ৰলেন পথ নিৰ্মাণে গহপুৰত দুৰ্ভোগ ভোগাইছে ৰাইজক

লেহেমীয়া ফ'ৰলেন পথ নিৰ্মাণে গহপুৰত দুৰ্ভোগ ভোগাইছে ৰাইজক

গহপুৰ নগৰৰ মাজমজিয়াত ফ'ৰলেন পথ নিৰ্মাণৰ কাম আৰম্ভ কৰা প্ৰায় তিনি বছৰ হ'ল যদিও এতিয়াও সম্পূৰ্ণ হোৱা নাই কাম ৷

যাৰফলত এজাক বৰষুণতে বোকা-পানীৰে উপচি পৰি নগৰখনত সৃষ্টি হয় এক কদৰ্যময় পৰিৱেশ ‌। উল্লেখ‍্য যে নগৰখনৰ দুয়োকাষে পথ নিৰ্মাণৰ বাবে পেলাই থোৱা মাটি তথা বালিৰ দ'মবোৰৰ বাবে আবদ্ধ হৈ পৰা বৰষুণৰ পানীয়ে সঘনাই নগৰখনত কৃত্ৰিম বানৰ সৃষ্টি কৰি আহিছে ।

ফ'ৰলেন পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'লে চহৰখনে পুনৰ এক আকৰ্ষণীয় ৰূপ লাভ কৰিব বুলি নগৰবাসীয়ে আশা কৰিছিল যদিও সম্প্ৰতি ফ'ৰলেন পথ নিৰ্মাণৰ লেহেমীয়া গতিৰ ফলত নগৰবাসীৰ এই আশা কেতিয়া পূৰণ হ'ব তাৰ কোনো নিশ্চয়তা নোহোৱা হৈ পৰিছে ।

গহপুৰ নগৰৰ মাজমজিয়াত ৰাইজৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি পথ নিৰ্মাণকাৰী সংস্থাই তৎপৰতাৰে তথা অগ্ৰাধিকাৰ ভিত্তিত পথ নিৰ্মাণৰ কাম আগবঢ়াই নিয়াটো উচিত আছিল যদিও এই ক্ষেত্ৰত নিৰ্মাণকাৰী সংস্থাটোৱে যথোচিত গুৰুত্ব আৰোপ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নগৰখনৰ একাধিক ভূক্তভোগী ব‍্যৱসায়ীয়ে ।

লেহেমীয়া ফ'ৰলেন পথ নিৰ্মাণে গহপুৰত দুৰ্ভোগ ভোগাইছে ৰাইজক

নিৰ্মাণকাৰ্যৰ লেহেমীয়া গতিৰ বাবেই বৰ্তমান নগৰখনৰ মাজমজিয়াত সৃষ্টি হোৱা কৰ্দযময় পৰিৱেশৰ বাবে ৰাইজে দুৰ্ভোগ ভুগিবলগা হোৱাৰ লগতে সুচল যাতায়াত ব‍্যৱস্থাতো ব‍্যাপক অসুবিধাৰ সৃষ্টি হোৱা দেখা গৈছে ।

যেনি-তেনি পৰি থকা বালিৰ দ'মবোৰে ব‍্যৱসায়ীসকলৰ স্বাভাৱিক প্ৰক্ৰিয়াত অসুবিধা সৃষ্টি কৰিছে ‌ । ফ'ৰলেন পথ নিৰ্মাণৰ লেহেমীয়া গতিৰ বাবে উদ্ভৱ হৈ থকা এনেধৰণৰ প্ৰতিকূল পৰিস্থিতিয়ে সম্প্ৰতি নগৰবাসী তথা ব‍্যৱসায়িসকলক ক্ষোভিত কৰি তুলিছে ।

এই ক্ষেত্ৰত যথাবিহিত পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে গহপুৰৰ মহকুমা প্ৰশাসনৰ ওচৰত ভুক্তভোগী নগৰবাসীয়ে দাবী জনাইছে ।
 

Your Comments