ৰাজস্থানত কংগ্ৰেছ চৰকাৰ থকা স্বত্বেও ৰাজ্যখনৰ ২৫ খন আসনতেই লোকসভা নিৰ্বাচনত কংগ্ৰেছ বিজেপিৰ হাতত পৰাস্ত হৈছিল।ইয়াৰ পিছতেই এতিয়া ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলতে উপমুখ্যমন্ত্ৰী তথা ৰাজস্থান কংগ্ৰেছৰ অধ্যক্ষ শচীন পাইলটক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।পাইলটে ৰাজ্যখনৰ অন্যান্য আসনসমূহৰ পৰাজয়ৰ দায়িত্ব নল'লেও যোধপুৰ আসনৰ দায়িত্ব লোৱাটো দৰকাৰ বুলি গেহলতে উল্লেখ কৰে।
গেহলতে কয়-'যোধপুৰৰ পৰা মোৰ পুত্ৰ বৈভৱ যথেষ্ট ভোটৰ ব্যৱধানত জিকিব বুলি পাইলটে কৈছিল।সমষ্টিটোত আমাৰ ৬ গৰাকী বিধায়ক আছিল আৰু প্ৰচাৰ অভিযানো উন্নত আছিল।গতিকে শচীন পাইলটে অন্ততঃ যোধপুৰৰ পৰাজয়ৰ দায়িত্ব গ্ৰহণ কৰাটো প্ৰয়োজন।'উল্লেখ্য যে যোধপুৰত বৈভৱ গেহলতক বিজেপিৰ গজেন্দ্ৰ সিং শেখাৱতে ২.৭ লাখ ভোটৰ ব্যৱধানত পৰাস্ত কৰে।
গেহলতৰ এনে বক্তব্যই ৰাজস্থান কংগ্ৰেছত সংঘাত আৰম্ভ হোৱাৰ ইংগিত বহন কৰিছে বুলি ভাবিব পাৰি।
- Log in to post comments
- 16 views