কলিয়াবৰত বান সাহায্য বিতৰণঃ বঞ্চিত ৰাইজৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

কলিয়াবৰত বান সাহায্য প্ৰদানঃ বঞ্চিত ৰাইজৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

বহু জল্পনা-কল্পনাৰ অন্তত ২০১৭ চনৰ ১২ আগষ্টত মথাউৰি ভাঙি সৃষ্টি কৰা প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্ত লোকসকলক আজি  কুঁৱৰীটোলস্থিত মুক্তিযুঁজাৰু ভৱনত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই বান সাহায্যৰ চেক বিতৰণ কৰে ।

মুঠ ৪৯৪৮টা পৰিয়ালক ৮ কোটি ৮৬ লাখ ৭২ হাজাৰ ১০০ টকাৰ চেক বিতৰণ কৰা হয় । কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত বান সাহায্য বিতৰণ সভাখনত ১০গৰাকী বানত ক্ষতিগ্ৰস্ত লোকক আনুষ্ঠানিকভাৱে চেক প্ৰদান কৰি জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই কয় যে এই সাহায্যই বানত ক্ষতিগ্ৰস্ত লোকক কিছু পৰিমাণে সকাহ দিব ।

কলিয়াবৰত বান সাহায্য প্ৰদানঃ বঞ্চিত ৰাইজৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

লগতে তেওঁ বন্ধ কলংখন বোৱতী কৰাৰ বাবে প্ৰচেষ্টা হাতত লোৱা বুলি সাংবাদিকক জানিবলৈ দিয়ে । মহকুমাধিপতি বিতোপন নেওগ, চক্ৰ বিষয়া লিজা তালুকদাৰকে ধৰি কেইবাগৰাকীও বিষয়া উপস্থিত থকা সভাখনত প্ৰায় দুই সহস্ৰাধিক বানত ক্ষতিগ্ৰস্ত লোকে ভিৰ কৰে ।

ইফালে বানত ক্ষতিগ্ৰস্ত প্ৰকৃত পৰিয়ালে বান সাহায্য পোৱাৰ পৰা বঞ্চিত হোৱাৰ বিপৰীতে বানত ক্ষতিগ্ৰস্থ নোহোৱা লোকেও বান সাহায্য পাইছে বুলি একাংশই অভিযোগ উত্থাপন কৰে ।

কলিয়াবৰত বান সাহায্য প্ৰদানঃ বঞ্চিত ৰাইজৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

আনহাতে, আজি বিয়লি বান সাহায্যৰ পৰা বঞ্চিত ৰাইজে ৩৭নং ৰাষ্ট্ৰী ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । সাহায্য বিতৰণত স্বজন-তোষণৰ অভিযোগ তুলি ক্ষোভিত হৈ পৰে ৰাইজ । প্ৰায় পাঁচ শতাধিক ৰাইজে বিভিন্ন শ্লোগানেৰে বহু সময় ধৰি উত্তাল কৰি ৰাখে ৰাষ্ট্ৰী ঘাইপথ । বাতৰি যুগুতোৱাৰ সময়লৈ আৰক্ষী প্ৰশাসন আহি প্ৰতিবাদস্থলীত উপস্থিত হৈছে যদিও পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই ।

Your Comments