ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটান পাহাৰৰ পৰা নামি আহ কালানদীৰ বাঢ়নী পানীয়ে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা ভালুকঝাৰ গাঁৱত সৃষ্টি কৰা ব্যাপক গৰাখহনীয়াই টোপনি হৰণ কৰিছে নৈপৰীয়া ৰাইজৰ ৷
গাঁওখনৰ ৰাইজৰ অভিযোগ অনুসৰি নদীটোৰ মাজত যোৱা দুবছৰমান আগতে মজনুৰ আলী নামৰ লোক এজনে এটা ক্ৰেছাৰ মিল স্থাপন কৰিছিল । এই ক্ৰেছাৰ মিল স্থাপন কৰি তেখেতে ভালুকঝাৰ গাঁওখনৰ ফালে নৈখনৰ পৰা শিল খান্দি নি থকাৰ ফলত সেইফালে নদীটো ক্ৰমাৎ দ হৈ যোৱাৰ ফলতে খহনীয়াৰ সৃষ্টি হৈছে৷
যাৰফলত কেইবাটাও পৰিয়ালৰ গছ-গছনিৰ লগতে মাটি-বাৰীও খহনীয়াত জাহ যায় । গাঁওখনৰ ৰাইজে জানিবলৈ দিয়ামতে, গাওঁখনৰ কাষেৰে বৈ যোৱা কালানদীটোৰ পূবফালৰ পাৰৰ দিশে শিল খান্দিবলৈ বাধা দিছিল যদিও সেই কথা তমিলৰ মালিকে গুৰুত্ব নিদিলে ।
উপায়ন্তৰ হৈ ৰাইজে কিছু দিন পূৰ্বে টকা-পইচা তুলি এখন জেচিপিৰে খান্দি নৈখনৰ গতিপথ সলাবলৈ বিচাৰিছিল যদিও মজনুৰ আলীয়ে ৰাইজক বাধা প্ৰদান কৰে । এতিয়া মজনুৰ আলীৰ এই কাণ্ডত গাঁওখনৰ ৰাইজ জাঙুৰ খাই উঠি প্ৰশ্ন উত্থাপন কৰিছে যে নৈৰ বুকুত ক্ৰেছাৰ মিলি বহুৱাবলৈ চৰকাৰে তেওঁক কেনেদৰে অনুমতি প্ৰদান কৰিলে ।
এই ক্ৰেছাৰ মিলৰ বাবেই নৈৰ বাঢ়নী পানীয়ে উক্ত গাঁওখনত বৰ্তমান ব্যাপক ক্ষতিসাধন কৰিছে ৷ তথাপিও চৰকাৰী পক্ষই কোনোধৰণৰ পদক্ষপ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ খহনীয়াই কাল ৰূপ ধাৰণ কৰাৰ পিছতো অঞ্চলটোৰ হিতৰ বাবে চৰকাৰে কোনো ব্যৱস্থা নোলোৱাত ক্ষোভিত হৈ পৰিছে ৰাইজ ৷
এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কথাটো গুৰুত্বসহকাৰে লৈ ক্ৰেছাৰ মিলটোৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷ অন্যথা খহনীয়াৰ কৱলত পৰা বৃহৎ অঞ্চলটো কিছুদিনৰ ভিতৰতে নিশ্চিহ্ন হোৱাৰো সন্দেহ ঘনীভূত হৈ পৰিছে ৷
উল্লখ্য যে এই খহনীয়াত ইতিমধ্যে গাঁওখনৰ আকবৰ আলী, চামচুল আলী, বাবুল আলী আৰু মছিবুৰ ৰহমানৰ মাটি-বাৰী, গছ-গছনি নদীৰ বুকুত জাহ গৈছে ৷
- Log in to post comments
- 1 view