কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জনবিৰোধী নীতিৰ পৰিণতিত কৃষি আৰু কৃষক তথা শ্ৰমজীৱী ৰাইজ এক ভয়াৱহ বিপৰ্যয়ৰ সন্মুখীন হোৱাত অসম ৰাজ্যিক কৃষক সভা আৰু চি আই টি ইউ (চিটু)ৰ উদ্যোগত ৰঙিয়াত জে'ল ভৰাওক কাৰ্যসূচী পালন কৰা হয় ।
ৰঙিয়া শ্ৰমিক ভৱনৰ পৰা ওলোৱা জে'ল ভৰাওক প্ৰতিবাদী সমদলটোৱে ৰঙিয়া চহৰ পৰিভ্ৰমণ কৰাৰ লগতে কৃষক আৰু কৃষি শ্ৰমিকৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে দাবী জনায় । প্ৰতিবাদত অংশগ্ৰহণ কৰি চি পি আই এম নেতা পূৰ্ণ বড়োৱে চৰকাৰৰ জনবিৰোধী নীতিৰ ক্ষেত্ৰত তীব্ৰ ক্ষোভ উজাৰে ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিব লাগে বুলিও তেওঁ উল্লেখ কৰে ৷
চৰকাৰে কৃষক আৰু কৃষি শ্ৰমিকসকলক ঋণৰ পৰা মুক্ত কৰিব লাগে, ভূমিহীনক ভূমি আৰু পট্টাহীনক পট্টা দিয়াৰ ব্যৱস্থা কৰা, সকলো কৃষি শ্ৰমিকক মাহিলি পাঁচহাজাৰ টকাকৈ পেঞ্চনৰ ব্যৱস্থা কৰাৰ লগতে বান-গৰাখনীয়া সমস্যা, পেট্ৰ'ল, ডিজেলকে ধৰি অত্যাৱশীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰক এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে দাবী জনায় ।
জিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি চিটুৰ বিবেকানন্দ অধিকাৰীয়ে চৰকাৰে জনসাধাৰণক কৰা প্ৰৱঞ্চনাৰ বিৰুদ্ধে উল্লেখ কৰে ৷ তেওঁ শ্ৰমিকসকলৰ ন্যূনতম মজুৰি ১৮,০০০ টকা ধাৰ্য কৰাৰ বাবে চৰকাৰক আহ্বান জনায় ৷ লগতে সমান কামৰ বাবে সমান মজুৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি কয় ।
প্ৰতিবাদকাৰীসকলে চি পি আই এম জিন্দাবাদ, কৃষক আৰু কৃষি শ্ৰমিকক ঋণৰ পৰা মুক্তি কৰি দিয়ক, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে । প্ৰতিবাদী সমদলটোৱে ৰঙিয়া চহৰ পৰিভ্ৰমণ কৰি চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত চৰকাৰবিৰোধী ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে আৰু ৰঙিয়া চক্ৰ বিষয়াৰ জৰিয়তে ভাৰতৰ প্ৰধান মন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰদান কৰে ৷
ইয়াৰ পিছতে প্ৰতিবাদকাৰীসকলক আটক কৰি ৰঙিয়া আৰক্ষী থানালৈ লৈ যোৱা হয় । আজিৰ প্ৰতিবাদী সমদলটোত অংশগ্ৰহণ কৰে চি পি আই এম নেতা শৰৎ কলিতা, বাসুদেৱ কলিতা, ললিত কলিতাসহ বহুকেইগৰাকী নেতাই ৷ অংশগ্ৰহণকাৰীসকলে চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে ক্ষোভ উজাৰে ।
- Log in to post comments
- 21 views