বিগত সময়বোৰত ক্ৰমবৰ্ধিত নাৰীজনিত অপৰাধ প্ৰৱণতাই সমাজ জীৱনত বিৰূপ প্ৰভাৱ বিস্তাৰ কৰি আহিছে ৷ 'বেটী বচাও, বেটী পঢ়াও' অভিলাষী আঁচনি ৰূপায়ণৰ পাছতো নাৰী সুৰক্ষাৰ বিয়টো এতিয়াও কাৰ্যকৰী হোৱা পৰিলক্ষিত হোৱা নাই ৷
যাৰবাবে উচ্চতম ন্যায়ালয়েও নাৰী সমাজৰ ওপৰত সঘনাই সংঘটিত হৈ অহা হত্যা-ধৰ্ষণ-অপহৰণ আদি কৰ্ম-কাণ্ডবোৰত উদ্বিগ্নতা প্ৰকাশ কৰিছে ৷ ৰাষ্ট্ৰযন্ত্ৰক বিষয় সন্দৰ্ভত সচেষ্ট হ'বলৈ আহ্বান জনাইছে ৷ সম্প্ৰতি বৰপেটা জিলাৰ তাৰাবাৰীত কিশোৰী অপহৰণ কৰা এক ঘটনা পোহৰলৈ আহিছে ৷
জানিব পৰা মতে, বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীৰ জালত পৰিছে এগৰাকী চৈধ্য বছৰীয়া কিশোৰী অপহৰণকাৰী । তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুনীন্দ্ৰ নাৰায়ণ দাসৰ তৎপৰতাত কিশোৰীগৰাকীক উদ্ধাৰ কৰাৰ লগতে অপহৰণ কাণ্ডত জড়িত যুৱকজনকো আটক কৰে আৰক্ষীয়ে । ধৃত অপহৰণকাৰীজন তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত হৰিপুৰ গাঁৱৰ জাহিদুল আলীৰ পুত্ৰ আশ্ৰফ আলী (২৫) ।
উল্লেখ্য যে যোৱা এক আগষ্টত বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ফুলবাৰী গাঁৱৰ এগৰাকী চৈধ্য বছৰীয়া কিশোৰীক তাৰাবাৰী হাইস্কুলৰ সন্মূখৰ পৰা অপহৰণ কৰি নিয়াৰ অভিযোগ উঠিছিল লম্পট যুৱকজনৰ বিৰুদ্ধে । অপহৰণকাৰী বিবাহিত লম্পটজনে কিশোৰীগৰাকীক গুৱাহাটীত লুকুৱাই ৰাখিছিল বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে ।
ইতিমধ্যে কিশোৰীগৰাকীৰ অভিভাৱকে তাৰাবাৰী আৰক্ষী থানাত লম্পট যুৱকজনৰ বিৰুদ্ধে অপহৰণৰ গোচৰ দাখিল কৰাৰ পাছত লম্পট যুৱকজনৰ বিৰুদ্ধে তাৰাবাৰী আৰক্ষী থানাত ১৯১-১৮ নম্বৰত আৰু ভাৰতীয় দণ্ডবিধিৰ ৩৬৬ (ক) ধাৰাত গোচৰ ৰুজু কৰা হৈছে ।
ইফালে অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰা কিশোৰীগৰাকীক তাৰাবাৰী আৰক্ষীয়ে চাইল্ডলাইনক গতাই দিয়ে । বৰপেটা চাইল্ডলাইনৰ জিলা সমন্বয়ক ৰফিকুল ইছলামে কিশোৰীগৰাকীক চমজি লৈ শিশু কল্যাণ সমিতিত হাজিৰ কৰোৱা হ'ব বুলি জানিবলৈ দিয়ে ।
- Log in to post comments
- 3 views