চিটু-কৃষক সভাৰ বিক্ষোভত উত্তাল ধুবুৰী

চিটু-কৃষক সভাৰ বিক্ষোভত উত্তাল ধুবুৰী

বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ মুর্দাবাদ ধ্বনিৰে উত্তাল হল ধুবুৰীৰ ৰাজপথ আৰু জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদ । উল্লেখ্য যে বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে আজি ধুবুৰী জিলা চিটু আৰু নিখিল ভাৰত কৃষক সভাই 'জে'ল ভৰো' আৰু আইন অমান্য আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি এইদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

জিলাখনত ১৪৪ ধাৰা বলৱৎ হৈ থকাৰ পিছতো সংগঠন দুটাই প্ৰতিবাদত উত্তাল কৰি তোলে ধুবুৰী । কেন্দ্ৰীয় চৰকাৰৰ বহুকেইটা কৃষকবিৰোধী নীতিৰ বিৰুদ্ধে আজি সংগঠন দুটাৰ 'জে'ল ভৰো' আন্দোলনত জিলা ৰন্ধনকৰ্মী সন্থা আৰু আশাকৰ্মী সন্থাকে ধৰি কেইবাটাও সন্থাৰ শ শ পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে । প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, প্লে'-কাৰ্ড লৈ ৰাজপথত সমদল কৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰাজপথ অৱৰোধ কৰে ৷

চিটু-কৃষক সভাৰ বিক্ষোভত উত্তাল ধুবুৰী

কৃষকসকলক সকলো ঋণৰ পৰা মুক্ত কৰা, কৃষিশস্যৰ উৎপাদন ব্যয়ৰ ডেৰ গুণ সহায়ক মূল্য বৃদ্ধি কৰা, কৃষকক মাহিলি পাঁচ হাজাৰ টকাকৈ পেঞ্চনৰ ব্যৱস্থা কৰা, ঠিকাভিত্তিক শ্ৰমিককে ধৰি সকলো শ্ৰমিক-কৰ্মচাৰীকে মাহিলি ন্যূনতম ১৮ হাজাৰ টকাকৈ দৰমহা প্ৰদান কৰা, অসমৰ বান, গৰাহখনিয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়া, নাগৰিকত্ব সংশোধনী আইন, ২০১৬ বাতিল কৰা আৰু এন আৰ চিত সকলো ভাৰতীয় নাগৰিকৰ নাম অন্তৰ্ভুক্ত কৰাকে ধৰি মুঠ ১২ দফীয়া দাবী সম্বলিত এখন স্মাৰক-পত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ প্ৰধান মন্ত্ৰীলৈ ।

Your Comments