আজিৰে পৰা আৰম্ভ বিশ্ব ক্ৰিকেটৰ মহাৰণ

icc

নিউজ ডেস্ক :
চাৰি বছৰীয়া এক দীঘলীয়া উৎকন্ঠাৰ অৱসান। আজিৰে পৰা আৰম্ভ ক্ৰিকেটৰ বিশ্বকাপ।ইংলেণ্ড আৰু ৱেলছত অনুষ্ঠিত হ'ব লগা এইবাৰৰ বিশ্বকাপ ক্ৰিকেটত অংশগ্ৰহণকাৰী দেশৰ সংখ্যা হৈছে সৰ্বমুঠ ১০খন ৰাষ্ট্ৰ। উল্লেখ্য যে ৪৫ দিন ধৰি চলিব লগা এই বিশ্বকাপ টুৰ্ণামেণ্ট খনৰ আজি প্ৰথমখন মেছত মুখা-মুখী হ'ব আয়োজক দেশ ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকা।ভাৰতীয় সময় অনুসৰি আজি আৰম্ভণি খেল খন অনুষ্ঠিত হ'ব দিনৰ ৩ বজাৰ পৰা।আনহাতে অহা পাঁচ জুনত  প্ৰথমখন খেলত অৱৰ্তীন হ'ব ভাৰতে।ভাৰতৰ প্ৰথমখন খেলত প্ৰতিদ্বন্দী হ'ব দক্ষিণ আফ্ৰিকা।ইফালে গুৰুত্বপূৰ্ণ কথা এই যে বিশ্বকাপ ক্ৰিকেটৰ আৰম্ভণিৰ পূৰ্বে ভাৰতীয় দলটোৰ অধিনায়ক বিৰাট কৌহলীলৈ আগবঢ়োৱা হৈছে এক বিশেষ সন্মান।সেই অনুসৰি লৰ্ডছত তাৰকা ক্ৰিকেটাৰ গৰাকীৰ এটা ম'মৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। birat

মেডাম টুছাডত নিৰ্মান কৰা প্ৰতিমূৰ্তিতো স্থাপন কৰি ষ্টিভ ডেভিছে কয় কৌহলীৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে এয়াই উপযুক্ত সময়। উল্লেখযোগ্য কথা এই যে প্ৰতিমূৰ্তিটোৰ বাবে কৌহলিয়ে নিজে আগবঢ়াইছে জোতা আৰু গ্লবছ। সম্পূৰ্ন ভাৰতীয় দলৰ পোছাকত ক্ৰিকেটাৰ গৰাকীৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে ।ইয়াৰ পূৰ্বতেও মেদাম টুছাডে  মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ , উচেইন বল্ট আৰু ছাৰ মো ফৰাহৰ মমৰ প্ৰতিমূৰ্তি নিৰ্মান কৰিছিল।

Your Comments