আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শপত গ্ৰহণ

modi

নিউজ ডেস্ক:
বৃহস্পতিবাৰে শপত গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।লগতে শপত গ্ৰহণ কৰিব তেওঁৰ মন্ত্ৰী পৰিষদৰ সদস্যসকলে।ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰধানমন্ত্ৰী মোডী আৰু তেওঁৰ মন্ত্ৰী পৰিষদৰ সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব।


 ৰাষ্ট্ৰপতি ভৱনৰ প্ৰাংগণত আজি গধূলি ৭ বজাত আয়োজিত হ'ব লগীয়া এই শপত গ্ৰহণ অনুষ্ঠানত দেশ-বিদেশৰ প্ৰায় ৮,০০০ গৰাকী অতিথি উপস্থিত থাকিব।কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী,ইউপিএ অধ্যক্ষ ছোনিয়া গান্ধী প্ৰমুখ্যে বিভিন্ন ৰাজনৈতিক দলৰ নেতৃবৰ্গ অনুষ্ঠানত উপস্থিত থাকিব।বিভিন্ন ক্ষেত্ৰৰ আগশাৰীৰ ব্যক্তিসকলো অনুষ্ঠানত থাকিব।ভাৰতৰ চুবুৰীয়া 'বিমষ্টেক' আৰ্থিক সহযোগিতা সংগঠনৰ ৰাষ্ট্ৰপ্ৰধানসকল প্ৰধানমন্ত্ৰী মোডীৰ শপত গ্ৰহণ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব।

Your Comments