সপ্তদশ লোকসভাৰ নিৰ্বাচনত জয়ী হোৱা তিনিগৰাকী ৰাজ্যসভাৰ সদস্যই ৰাজ্যসভাৰ পৰা পদত্যাগ কৰিছে।
ৰাজ্যসভাৰ পৰা পদত্যাগ কৰা তিনিগৰাকী সাংসদ হৈছে ক্ৰমে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ ,বিজেপি নেতা ৰবিশংকৰ প্ৰসাদ আৰু ডিএমকে নেত্ৰী কানিম'ঝি।উল্লেখ্য যে তিনিওগৰাকী ৰাজ্যসভাৰ সদস্যই এইবাৰৰ লোকসভাৰ নিৰ্বাচনত জয়ী হৈছে গুজৰাট,বিহাৰ আৰু তামিলনাডুৰ পৰা।গুৰুত্বপূৰ্ণ কথা এই যে বৃহস্পতিবাৰে মোডী মন্ত্ৰীসভাত অমিত শ্বাহ অন্তৰ্ভুক্ত হ'ব পাৰে গৃহমন্ত্ৰী হিচাপে।
ইফালে,মোডী মন্ত্ৰীসভাত কাক কাক অন্তৰ্ভুক্ত কৰিব,কোন নেতাক কি দপ্তৰ প্ৰদান কৰা হ'ব-সেই সন্দৰ্ভত দিল্লীৰ ৭ লোক মাৰ্গত আজি প্ৰায় পাঁচ ঘণ্টাযোৰা বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ।এই বৈঠকত প্ৰায় চূড়ান্ত কৰিছে কোনে কোনে বৃহস্পতিবাৰে মন্ত্ৰিত্ব লাভ কৰিব।
ইফালে,যিসকলে মন্ত্ৰিত্ব লাভ কৰিব সেইসকলক কাইলৈ শপতগ্ৰহণ কৰাৰ বাবে ফোনযোগে অৱগত কৰিব নেতৃত্বই।
- Log in to post comments
- 44 views