২০১৯ৰ লোকসভা নিৰ্বাচনত সৰ্বাধিক কোটিপতি প্ৰাৰ্থী নিৰ্বাচিত হ'ল সংসদলৈ

nn

সংসদলৈ নিৰ্বাচিত হোৱা কোটিপতি সাংসদৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে।২০০৯ চনৰ লোকসভা নিৰ্বাচনত ৩১৫ গৰাকী,২০১৪ চনৰ নিৰ্বাচনত ৪৪৩ গৰাকী কোটিপতি প্ৰাৰ্থী সংসদলৈ নিৰ্বাচিত হৈ অহাৰ বিপৰীতে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত নিৰ্বাচিত হৈ আহিছে ৪৭৫ গৰাকী প্ৰাৰ্থী।২০১৯ বৰ্ষত কোটিপতি সাংসদসকলৰ ভিতৰত শীৰ্ষ স্থানত আছে মধ্য প্ৰদেশৰ কংগ্ৰেছী মুখ্যমন্ত্ৰী কমল নাথৰ পুত্ৰ নকুল নাথ।

 

এইবাৰ নিৰ্বাচনত বিজেপিৰ পৰা সৰ্বাধিক ২৬৫ জন কোটিপতি প্ৰাৰ্থী নিৰ্বাচিত হৈ আহিছে।কংগ্ৰেছৰ পৰা সংসদলৈ নিৰ্বাচিত হৈ আহিছে ৪৩ গৰাকী কোটিপতি প্ৰাৰ্থী।'এডিআৰ' নামৰ সংস্থাটোৱে এই তথ্য প্ৰকাশ কৰিছে।

Your Comments