নিউজ ডেস্ক :
অৱশেষত লোকসভাৰ নিৰ্বাচনৰ ব্যৰ্থতা প্ৰকাশ কৰি কংগ্ৰেছৰ হাইকামাণ্ডলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে ৰিপুন বৰাই। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি বৰাই দেওবাৰে নিখিল ভাৰত কংগ্ৰেছ কমিটি সভাপতি ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰিছে এই পত্ৰখন।
উল্লেখ্য যে পত্ৰখনত ৰিপুন বৰাই লোকসভাৰ নিৰ্বাচনত অসমত দলটোৰ ব্যৰ্থতাৰ কথা উল্লেখ কৰাৰ লগতে দলটোক নেতৃত্ব দিয়াত তেওঁ ব্যৰ্থ হোৱাৰ কথাও উল্লেখ কৰিছে। লোকসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ আগতে আৰু পিছতো সভাপতি ৰিপুন বৰাৰ পদত্যাগ দাবী তুলি আহিছিল একাংশ কংগ্ৰেছীয়ে। ফলাফল ঘোষণাৰ পাছত এই দাবী অধিক শক্তিশালী ৰূপত উত্থাপিত হ'ব ধৰে ।ইয়াৰ ফলস্বৰূপেই সভাপতি ৰিপুন বৰাই ৰাহুল গান্ধীলৈ এই পদত্যাগ পত্ৰ প্ৰেৰণ কৰা বুলি অনুমান কৰিছে সচেতন মহলে।
- Log in to post comments
- 31 views