আজি আদালতত হাজিৰ কৰাব প্ৰণাময়-জাহ্নৱীক

adaLOT

নিউজ ডেস্ক : 
গুৱাহাটীৰ গ্ৰেনেড বিস্ফোৰণত অভিযুক্ত প্ৰাক্তন আলফা নেতা প্ৰাণময় ৰাজগুৰু আৰু অভিনেত্ৰী জাহ্নৱী শইকীয়াক সোমবাৰে পুনৰ হাজিৰ কৰোৱা হব আদালতত। 
উল্লেখ্য যে বিস্ফোৰণৰ পিছদিনাই মহানগৰীৰ পাঞ্জাবাৰীৰ এটা ভাড়াঘৰৰ পৰা গ্ৰেনেড বিস্ফোৰণৰ সৈতে জড়িত থকা সন্দেহত দুয়োগৰাকীকে গ্ৰেপ্তাৰ কৰা হৈছিল।তাৰ পিছতে হাতীগাঁও আৰু গীতানগৰ থানাৰ দুটা গোচৰৰ ভিত্তিত দুয়োগৰাকী অভিযুক্তকে ১০ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল  কামৰূপ জিলাৰ মুখ্যন্যায়িক দণ্ডাধীশে।
আজি দুয়োগৰাকী অভিযুক্তৰে ১০দিনৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰিব ।ফলত পুনৰ হাজিৰ কৰোৱা হব আদালতত।
দুয়োগৰাকীকে আৰক্ষীয়ে পুনৰ নিজৰ জিম্মাত বিচৰা সম্ভাৱনা আছে।

Your Comments