নগাঁৱৰ বগাজুৰি মন্দিৰৰ চমু ইতিবৃত্ত

নগাঁৱৰ বগাজুৰি মন্দিৰৰ চমু ইতিবৃত্ত

নগাঁও চহৰৰ পৰা ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰে পূবলৈ ২৬ কিঃমিঃ গ'লে দেখা পোৱা যায় মনোৰম প্ৰাকৃতিক পৰিৱেশ । শাৰী শাৰী সেউজীয়া পাহাৰৰ মাজৰ পৰা পুৱা-গধূলি বৈ আহে ভক্তিৰসৰ ঢল । হয়, নগাঁৱৰ ৰেংবেং পাহাৰৰ নামনিত থকা বগাজুৰি মন্দিৰৰ কথাই কৈছোঁ ৷

নগাঁৱৰ বগাজুৰি মন্দিৰৰ চমু ইতিবৃত্ত

প্ৰতি বছৰে পৱিত্ৰ শাওণ মাহত ব'ল বম উৎসৱত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লক্ষ লক্ষ লোকৰ সমাগম হয় । মিলনভূমিত পৰিণত হয় জাতি-জনগোষ্ঠীৰ । এই পৱিত্ৰ আশ্ৰমখন প্ৰতষ্ঠা হৈছিল ১৯৪১ চনত । ইয়াত পাঁচটা কুণ্ড আছে ।

সেইকেইটা হ'ল ১) সিদ্ধেশ্বৰ কুণ্ড ২), মুক্তিনাথ কুণ্ড ৩), বিষ্ণু কুণ্ড ৪), মহাবীৰ কুণ্ড ৫), ভৈৰৱ কুণ্ড । আশ্ৰমখনক লৈ বহুতো কিম্বদন্তি বা জনশ্ৰুতি আছে । এই আশ্ৰমখনৰ মূল প্ৰতিষ্ঠাতা আছিল প্ৰয়াত শ্ৰীমৎ স্বামীশ্যাম সুন্দৰ বিদ্যাপতি (অসম পাণ্ডা) দেৱ । তেওঁ সেই আশ্ৰমখনতে সাধনা বা ভক্তিতত্ত্ব আৰম্ভ কৰিছিল ৷

সেয়েহে তেওঁৰ সাধনাস্থান হিচাপে তাতেই বিভিন্ন মঠ-মন্দিৰ আৰু ধৰ্মানুষ্ঠানসমূহ গঢ়ি উঠিছিল । ইয়াত স্নানৰ বিভিন্ন মাহাত্ম্য আছে বুলি জনা যায় । ইয়াত বহুতো মন্দিৰ আছে । মন্দিৰসমূহ ভক্তসকলৰ বাবে ভক্তি আৰাধনাৰ স্থান ।

নগাঁৱৰ বগাজুৰি মন্দিৰৰ চমু ইতিবৃত্ত

ইয়াত থকা মন্দিৰ সমূহহ'ল ক্ৰমে ১) শ্ৰীশ্ৰী সিদ্ধেশ্বৰ মুক্তিনাথ শিৱমন্দিৰ, ২) শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভুৰ মন্দিৰ, ৩) শ্ৰীশ্ৰী সূৰ্য নাৰায়ণ মন্দিৰ ৪), শ্ৰীশ্ৰী শীতলা আইৰ থান, ৫) শ্ৰীশ্ৰী ৰাজীৱলোচন মন্দিৰ, ৬) শ্ৰীশ্ৰী ৰাধাকৃষ্ণ মন্দিৰ, ৭) শ্ৰীশ্ৰী কালভৈৰৱ মন্দিৰ । 

শ্ৰীশ্ৰী সিদ্ধেশ্বৰ মুক্তিনাথ শিৱমন্দিৰ

এই মন্দিৰটো প্ৰতিষ্ঠা হৈছিল ইং ১৯৫৬ চনত । বৰেণ্য সিদ্ধপুৰুষ বিদ্যাপতি দেৱৰ পৰম ভক্ত শিষ্য প্ৰয়াত দুখুৰাম গৌড়ে নিৰ্মাণ কৰি তেওঁৰ গুৰুজনাক অৰ্পণ কৰিছিল । এই শিৱ মন্দিৰটোত কষ্টিক শিলাৰ সিদ্ধেশ্বৰ মহাদেৱৰ লিঙ্গ মূৰ্তি আছে । ইয়াত প্ৰতি বছৰৰ শাওণ মাহত ব'ল বমত কাৱৰৰ অৰ্থাৎ শ্ৰাৱণী অভিষেক বৃহৎ জনসমাৱেশেৰে ডাঙৰকৈ মেলা অনুষ্ঠিত হয় ।

নগাঁৱৰ বগাজুৰি মন্দিৰৰ চমু ইতিবৃত্ত

শাওণ মাহৰ প্ৰত্যকটো দেওবাৰ আৰু সোমবাৰে এমাহলৈ এই মেলা অনুষ্ঠিত হয় । এই মন্দিৰত দৰ্শন আৰু পূজা কৰিলে মনোকামনা প্ৰাপ্তি হয় বুলি জনবিশ্বাস আছে । সিদ্ধেশ্বৰ কুণ্ডৰ স্নানৰ মাহাত্ম্যও অতকৈ গুৰূত্বপূৰ্ণ ।

শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভুৰ মন্দিৰ

এই মন্দিৰ স্থাপন হৈছিল ইং ১৯৬৪ চনত । বগাজুৰী মন্দিৰৰ বিশেষ মন্দিৰটোৱেই হৈছে শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভুৰ মন্দিৰ । শ্ৰীমৎ স্বামীয়ে শ্ৰীক্ষেত্ৰ জগন্নাথ পুৰীৰ পৰা শ্ৰীমূৰ্তিৰ বিগ্ৰহ আনি ইয়াতে স্থাপন কৰিছিল ।

ইয়াত প্ৰতি বছৰৰ আহাৰ মাহত ৰথযাত্ৰা উপলক্ষে মহোৎসৱ পালন কৰা হয় । শিৱৰাত্ৰি আৰু মাঘী পূৰ্ণিমাতো বিশেষ উৎসৱ পালন কৰা হয় । 

শ্ৰীশ্ৰী সূৰ্য নাৰায়ণ মন্দিৰ

এই মন্দিৰ শিৱ মন্দিৰৰ সোঁ নিলগত অৱস্থিত ৷ কুণ্ড খনন কৰোঁতে মাটিৰ তলৰ পৰা পোৱা নাৰায়ণী শিলাৰ মূৰ্তিৰে এই মন্দিৰ শোভিত । এই মন্দিৰ দৰ্শন কৰিলে পাপ খণ্ডন হোৱাৰ লগতে উক্ত স্থানত সত্য নাৰায়ণ পূজা কৰিলে বিশেষ ফল পোৱা যায় বুলি জনা যায় ।

ইয়াৰ মুক্তিনাথ কুণ্ডৰ স্নানৰ মাহাত্ম্যও আছে ।

শ্ৰীশ্ৰী শীতলা আইৰ থান

এই থানখন সূৰ্য মন্দিৰৰ কাষতে অৱস্থিত । এই শীতলা আইৰ থানখন ফলদায়িনী আৰু প্ৰভাৱশালী । 

নগাঁৱৰ বগাজুৰি মন্দিৰৰ চমু ইতিবৃত্ত

শ্ৰীশ্ৰী ৰাজীৱলোচন মন্দিৰ

এই মন্দিৰটো মহাপ্ৰভু মন্দিৰৰ পশ্চিম দিশত অৱস্থিত । ইয়াত ভগৱান বিষ্ণুৰ মূৰ্তি প্ৰতিষ্ঠিত হৈ আছে । মাঘ মাহত ইয়াত মাঘী পূৰ্ণিমা উপলক্ষে ডাঙৰ উৎসৱৰ লগতে মেলা অনুষ্ঠিত কৰা হয় ।

ইয়াৰ বাহিৰেও ন ন তিথিত বিভিন্ন ভক্তৰ সমাগম ঘটে ।সেই  দেৱালয়ৰ নিলগত বিষ্ণু কুণ্ড আছে । 

শ্ৰীশ্ৰী ৰাধাকৃষ্ণ মন্দিৰ

এই মন্দিৰটো বিষ্ণু মন্দিৰৰ কাষতে অৱস্থিত । এই মন্দিৰৰ প্ৰথম পৃষ্ঠপোষক আছিল শ্ৰীমৎ স্বামীৰ প্ৰধান শিষ্য শ্ৰী মহাবীৰ সাধু ব্ৰহ্মচাৰী বাবা । তেওঁৰ যেতিয়া দেহাৱসান ঘটিছিল, তাৰপিছত মন্দিৰৰ দায়িত্ব যাদৱ বা গোৱালা সমাজে মূৰ পাতি লয় ।

এই মন্দিৰৰ আসনত ৰাধা-কৃষ্ণৰ মূৰ্তি প্ৰতিষ্ঠিত আছে । ইয়াতো মাঘী পূৰ্ণিমা আৰু শিৱৰাত্ৰিত বিশেষ উৎসৱ আৰু ভাদ মাহত শ্ৰীকৃষ্ণৰ জন্ম মহোৎসৱ মহা সমাৰোহেৰে পালিত হয় । মহাবীৰ কুণ্ডৰ স্নান বিশেষভাৱে ফলদায়ক । 

শ্ৰীশ্ৰী কালভৈৰৱ মন্দিৰ

শ্ৰীশ্ৰী ৰাধাকৃষ্ণ মন্দিৰৰ কাষতে এই কালভৈৰৱ মন্দিৰ অৱস্থিত । কালভৈৰৱ হৈছে পাৰ্টাইল সম্প্ৰদায়ৰ ইষ্ট দেৱতা । মন্দিৰৰ আসনত বিষ্ণুৰ মূৰ্তি প্ৰতিষ্ঠিত আছিল । এই মন্দিৰ দৰ্শন কৰিলে মহাপাতক বিনাশ হয় ।

ইয়াত প্ৰতি বছৰে মাঘী পূৰ্ণিমা আৰু শিৱৰাত্ৰিৰ বিশেষ উৎসৱ পালন কৰা হয় । শিৱৰাত্ৰি উৎসৱত বহতো লোকৰ সমাগম ঘটে । উক্ত দেৱালয়ৰ কাষতে ভৈৰৱ কুণ্ড অৱস্থিত ।

নগাঁৱৰ বগাজুৰি মন্দিৰৰ চমু ইতিবৃত্ত

 ৰেংবেঙৰ ব'ল বমত লোকে লোকাৰণ্য হয়। ডৱকা পাহাৰৰ পাদদেশত ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিলগৰ ৰেংবেং সৰুপথাৰ অঞ্চলত অৱস্থিত শ্ৰীশ্ৰী 
জগনাথ আৰু সিদ্ধেশ্বৰ মুক্তিধামত প্ৰতিবছৰে লাখ লাখ ভক্তৰ সমাগম হয় ।

শাওণ মাহৰ প্ৰতিটো দেওবাৰত লোকে লোকাৰণ্য হৈ পৰে ৰেংবেঙৰ বাবা ধাম । তথাপিও এই ধৰ্মীয় স্থানখনৰ উন্নয়নৰ বাবে বহুখিনি কাম হাতত লোৱা প্ৰয়োজন আছে চৰকাৰৰ ।

বিঃদ্ৰঃ লেখাটো প্ৰস্তুত কৰোঁতে গোপাল চন্দ্ৰ দেৱশৰ্মাৰ "তীৰ্থ যাত্ৰা"নামৰ গ্ৰন্থখনৰ সহায় লোৱাৰ লগতে লেখাটো প্ৰস্তুত কৰোঁতে ৰুণজুন বৰাই বিষেশভাৱে সহায় কৰে । দুয়োলৈকে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ
 

Your Comments

Related Articles