নগাঁও,২৫ মে':
নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী জামুগুৰি গাঁও নিৱাসী হৰেশ্বৰ নাথৰ ঘৰত এহাল দুষ্প্ৰাপ্য প্ৰজাতিৰ তথা বিষাক্ত ফেঁটী সাপ উদ্ধাৰ হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। জানিব পৰামতে, উদ্ধাৰ হোৱা চকৰি ফেঁটী সাপহালে বিগত ৬ দিন ধৰি অাশ্ৰয় লৈছিল নাথৰ ঘৰৰ চৌহদত। নাথৰ পৰিয়ালৰ লোক তথা ওচৰ-চুবুৰীয়াই বিভিন্ন কৌশল অৱলম্বন কৰি সাপহাল আতৰাই পঠাবলৈ চেষ্টা কৰিছিল যদিও ব্যৰ্থ হৈছিল সকলো। অৱশেষত নিৰুপায় হৈ পৰিয়ালটোৱে নগাঁও বন্যপ্ৰাণী সংমণ্ডলক খৱৰ দিয়াত আজি পুৱা সৰ্প বান্ধৱ সৌৰভ বৰকটকী, কেইবাটাও প্ৰকৃতিপ্ৰেমী সংগঠনৰ কৰ্মীসহিতে বনবিভাগৰ এটি দল জামুগুৰিত উপস্থিত হৈ সাপ দুডাল উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ কৰা সাপ দুডালৰ দৈৰ্ঘ্য ক্ৰমে ৮ ফুট আৰু ৭.৬।সাপ দুডাল পিছত লাওঁখোৱা অভয়াৰণ্যত মুকলি কৰি দিয়া হয় বুলি জানিব পৰা গৈছে।
- Log in to post comments
- 46 views