লোকসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ শোচনীয় পৰাজয়ৰ পিছত দলৰ সভাপতি ৰাহুল গান্ধীয়ে ঘোষণা কৰিছিল দলটোৰ নেতৃত্বৰ পৰা পদত্যাগ কৰাৰ কথা।সেই সন্দৰ্ভত আজি দিল্লীত অনুষ্ঠিত হৈছিল কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ বৈঠক।বৈঠকত উপস্থিত আছিল ইউপিএৰ অধ্যক্ষা ছোনিয়া গান্ধী, প্ৰিয়ংকা গান্ধী,প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং,পি এল পুনিয়াৰ লগতে কেইবাজনো কংগ্ৰেছৰ জ্যেষ্ঠ নেতা।উক্ত বৈঠকত ৰাহুল গান্ধীয়ে দলৰ দায়িত্বৰ পৰা পদত্যাগ কৰাৰ বাবে পত্ৰ প্ৰেৰণ কৰিছিল।কিন্তু কাৰ্যকৰী সমিতিয়ে গ্ৰহণ নকৰিলে ৰাহুল গান্ধীৰ পদত্যাগপত্ৰ।
ইফালে,অহা শনিবাৰে ৰাহুল গান্ধীৰ পদত্যাগৰ সন্দৰ্ভত পুনৰ অনুষ্ঠিত হ'ব দলটোৰ কাৰ্যকৰী সমিতিৰ বৈঠক।উক্ত বৈঠকতে সিদ্ধান্ত হ'ব ৰাহুল গান্ধীৰ পদত্যাগৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত।
- Log in to post comments
- 39 views