ছুৰাটৰ অবৈধ কোচিং চেন্টাৰৰ অগ্নিকাণ্ডত মৃতকৰ সংখ্যা ২১ জনলৈ বৃদ্ধি

surat

ছুৰাটৰ অবৈধভাৱে চলি থকা কোচিং চেন্টাৰত লগা অগ্নিকাণ্ডত মৃতকৰ সংখ্যা ২১ জনলৈ বৃদ্ধি পাইছে।ইয়াৰ ভিতৰত ২০ গৰাকী বিদ্যাৰ্থী আৰু এগৰাকী শিক্ষাগুৰু।ইতিমধ্যে আৰক্ষীয়ে কেন্দ্ৰটোৰ সঞ্চালকক গ্ৰেপ্তাৰ কৰিছে।তিনিজন ব্যক্তিৰ ওপৰত অনিচ্ছাকৃত হত্যাৰ গোচৰ ৰুজু কৰা হৈছে।

 

উল্লেখ্য যে অগ্নিকাণ্ডটোত প্ৰাণ ৰক্ষা কৰিবলৈ একাংশ বিদ্যাৰ্থীয়ে চতুৰ্থ মহলাৰ পৰা জপিওৱাৰ ভিডিঅ'ই দেশজুৰি জনতাক দুখেৰে ভাৰাক্ৰান্ত কৰি তুলিছিল।

 

Your Comments