অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ে ২০১৮ চনৰ ৩১ মাৰ্চৰ ভিতৰত ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা খেলুৱৈসকলক ক্ৰীড়া জলপানিৰ বাবে আবেদনৰ প্ৰ-পত্ৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷
এই ক্ষেত্ৰত নগাঁও আৰু হোজাই জিলাৰ খেলুৱৈসকলে ৮ আগষ্টৰ পৰা ৩১ আগষ্টৰ ভিতৰত নগাঁও জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ পৰা প্ৰ-পত্ৰ সংগ্ৰহ কৰিব পাৰিব বুলি ক্ৰীড়া বিষয়া কৌশিক ৰাজখোৱাই জনাইছে৷
- Log in to post comments
- 24 views