বিজেপিয়েও উদ্ধাৰ কৰিব নোৱাৰিলে অগপৰ মণি-দীপক-জাভেদৰ পৰাজয়

agp

নিউজ ডেস্ক :

অৱশেষত বিজেপিয়েও উদ্ধাৰ কৰিব নোৱাৰিলে অসম গণ পৰিষদক।লোকসভাৰ নিৰ্বাচনত মিত্ৰতাত থকাৰ পিছতো বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে অগপ দলে প্ৰতিদ্বন্দিতা কৰা তিনিখন লোকসভাৰ আসনৰ এখনতো জয়ী হ'ব নোৱাৰে বুলি কোৱা বাক্যশাৰী অৱশেষত শুদ্ধ প্ৰমাণিত কৰিলে আজি অনুষ্ঠিত হোৱা ভোটগণনাই। বিজেপিৰে মিত্ৰতাৰ অংশীদাৰ হৈ কলিয়াবৰ,বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিত আঞ্চলিক দলটোৱে থিয় কৰাইছিল ক্ৰমে দলটোৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ ভাতৃ মণিমাধৱ মহন্ত, দলটোৰ জ্যেষ্ঠ নেতা কুমাৰ দীপক দাস আৰু জাভেদ ইছলামক ।প্ৰথম অৱস্থাত কলিয়াবৰৰ প্ৰাৰ্থী মণিমাধৱ মহন্ত আৰু বৰপেটাৰ প্ৰাৰ্থী কুমাৰ দীপক দাসে প্ৰতিদ্বন্দী কংগ্ৰেছৰ প্ৰাৰ্থী দুগৰাকীতকৈ যথেষ্ট ভোটত আগবাঢ়ি আছিল।

সেই ছবিখনে দলটোৰ নেতৃত্বক প্ৰথম অৱস্থাত কিছু আনন্দ দিছিল যদিও শেষ পৰ্যায়ত কংগ্ৰেছ প্ৰাৰ্থী ক্ৰমে গৌৰৱ গগৈ আৰু আব্দুল খালেকৰ হাতত পৰাস্ত হ'ব লগীয়া হয়।ইয়াৰ উপৰিও আঞ্চলিক দলটোৰ  ধুবুৰীৰ প্ৰাৰ্থী জাভেদ ইছলাম বিশেষ প্ৰতিদ্বন্দিতাতেই নাহিল এইআইইউডিএফৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ জৰা-ফুকাৰ ৰাজনীতিত।

উল্লেখ্য যে লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে দলটোৰ তৃণমূল পৰ্যায়ৰ কর্মীসকলে বিজেপিৰে মিত্ৰতা নকৰিবলৈ দলটোৰ শীর্ষ নেতৃত্বক আহ্বান জনাইছিল।কিন্তু আঞ্চলিক দলটোৰ শীর্ষ নেতৃত্বই তৃণমূল পৰ্যায়ৰ কর্মীসকলৰ কথা আওকাণ কৰি বিজেপিৰে মিত্ৰতা কৰাৰ পিছতে দলটোৰ তৃণমূল কর্মীসকলে দলটোৰ শীর্ষ নেতৃত্বৰ ওপৰত অসন্তুষ্টি ব্যক্ত কৰিছিল।সেই অসন্তুষ্টিয়েই আজি দলটোৰ বিজয়ত প্ৰধান প্ৰতিবন্ধক হিচাপে বিবেচিত হৈছে বুলি উল্লেখ কৰিছে দলটোৰ একাংশ তৃণমূল কর্মীয়ে।

আনহাতে,ভোটগণনা চলি থকাৰ সময়ছোৱাত আজি অগপৰ মুখ্য কাৰ্যালয়ত দেখা পোৱা নগ'ল দলটোৰ শীর্ষ নেতৃত্বক।দলটোৰ কেইজনমান কর্মীৰ উপস্থিতিৰ বাহিৰে প্ৰায় নিমাওমাও পৰিৱেশ আঞ্চলিক দলটোৰ কাৰ্যালয়ত।

Your Comments