বিতৰ্কিত আৰক্ষী বিষয়াৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে ধোদৰ আলি অৱৰোধ

বিতৰ্কিত আৰক্ষী বিষয়াৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে ধোদৰ আলি অৱৰোধ

চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৰেন্দ্ৰ নাথ বাৰিকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আজি ধোদৰ আলি অৱৰোধ কৰে ৷ উল্লেখ্য যে নাবালিকা অপহৰণৰ এক ভুৱা গোচৰত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ নেত্ৰী ৰুমী ফুকনক আৰক্ষী বিষ য়াবাৰিকে চক্ৰান্ত মূলকভাৱে গ্ৰেপ্তাৰ কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰিছিল ৷

ইয়াৰ প্ৰতিবাদত আজি সাপেখাতী চাৰিআলিত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, বীৰ লাচিত সেনাই ঐতিহাসিক ধোদৰ আলি  অৱৰোধ কৰে । উল্লেখ্য যে ৰুমী ফুকনে এগৰাকী মূকবধিৰ কিশোৰী ধৰ্ষণকাৰীৰ লগত আৰক্ষী বিষয়া বাৰিকে মধুৰ সম্পৰ্ক ৰক্ষা কৰি উৎকোচ লৈ অপৰাধীক ৰক্ষণাবেক্ষণ দি গেপ্তাৰ কৰা পৰা বিৰত থকা বুলি প্ৰকাশ কৰিছিল ৷

বিতৰ্কিত আৰক্ষী বিষয়াৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে ধোদৰ আলি অৱৰোধ

এই বিষয়ে তেওঁ বৈদ্যুতিন আৰু ছপা মাধ্যমৰ আগত সাহসেৰে মন্তব্য কৰাত আৰক্ষী বিষয়াগৰাকীয়ে গভীৰ ষড়যন্ত্ৰমূলকভাৱে কিশোৰী অপহৰণৰ দৰে ভুৱা গোচৰ ৰুজু কৰি জে'ললৈ প্ৰেৰণ কৰাত সংগঠনসমূহ জাঙুৰ খাই উঠিছে । সাপেখাতী অঞ্চলত সামাজিক বাতাৱৰণ বিনষ্ট হোৱাৰ লগতে আইন-শৃংখলা ৰক্ষাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত কৰি আৰক্ষী বিষয়াগৰাকী ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে চৰাইদেউ জিলা উপায়ুক্তক সংগঠনকেইটাই এখন স্মাৰক-পত্ৰও প্ৰদান কৰে ।
 

Your Comments