বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ গাতে লাগি থকা চুবুৰীয়া ৰাষ্ট্ৰ ভূটানলৈ দৈনিক গো-মাংসৰ অবৈধ সৰবৰাহক কেন্দ্ৰ কৰি সীমান্তৱৰ্তী অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । ৰাইজৰ অভিযোগ অনুসৰি, সীমান্তৱৰ্তী অঞ্চলটো সম্প্ৰতি গো-মাংসৰ ব্যৱসায়ৰ ঘাটিত পৰিণত হৈছে ৷
দৰংগামেলা আৰক্ষী চকীৰ অন্তৰ্গত এন কে দৰংগাৰ শিৱ লাইনৰ পৰা চুবুৰীয়া ৰাষ্ট্ৰ ভূটানলৈ দৈনিক গো-মাংস সৰবৰাহক কেন্দ্ৰ কৰি ব্যৱসায়ীসকলৰ মাজতো আৰম্ভ হৈছে তীব্ৰ সংঘাত ৷
মঙলবাৰে উক্ত অঞ্চলৰে ইনছাফ আলী নামৰ ব্যক্তিগৰাকীয়ে দৰংগামেলা আৰক্ষী চকীত গো-মাংস ব্যৱসায়ী এজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে । ইনছাফ আলীযে এজাহাৰত দিয়া ভাষ্য অনুসৰি এন কে দৰংগাৰ চিৰাজউদ্দিন আনচাৰী নামৰ লোকজনৰ নেতৃত্বত সীমান্ত অঞ্চলটোত গো-মাংসৰ অবৈধ ব্যৱসায় চলি আছে ৷
ইতিমধ্যে এই ব্যৱসায় বন্ধ কৰাৰ সন্দৰ্ভত স্থানীয় ৰাইজে বহুবাৰ আৰক্ষী প্ৰশাসন আৰু সীমান্ত সুৰক্ষা বাহিনীক অভিযোগ দি আহিছে যদিও কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি অভিযোগ উঠিছে । এই কাৰ্য বন্ধ কৰাৰ বাবে পুনৰ যোৱা ৮ জুলাই তাৰিখে উক্ত অঞ্চলৰে ৬৩গৰাকী স্থানীয় ৰাইজৰ স্বাক্ষৰিত এখন স্মাৰক-পত্ৰ বাক্সা জিলা প্ৰশাসনক প্ৰদান কৰে ।
ইয়াৰ পিছতো উক্ত ব্যৱসায় বন্ধ কৰাৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । জানিব পৰামতে, চিৰাজউদ্দিন আনচাৰীৰ নেতৃত্বত আৰু কেইজনমান অসাধু গো-মাংস ব্যৱসায়ীয়ে শশীপুৰৰ শিৱ মন্দিৰৰ সমীপতে গো-মাংস কাটি ইয়াৰ অৱশিষ্ট অংশ ওচৰৰে ভূটানৰ দিশৰ পৰা বৈ অহা দৰঙা নদীত পেলাই দিয়ে ।
আনহাতে, বহু দিনৰে পৰা পানীৰ সমস্যাত ভোগা সীমান্তবাসীয়ে কাপোৰ ধোৱা, বাচন-বৰ্তন, গা ধোৱা আদিকে কৰি একমাত্ৰ দৰঙা নদীৰ পানীকে ব্যৱহাৰ কৰি আহিছে । কিন্তু স্থানীয় ৰাইজৰ অভিযোগ মতে, প্ৰতিদিনে ৪০ৰ পৰা ৫০টা লৈকে গৰু কাটি তাৰ মল-মূত্ৰ, তেজ আদি দৰঙা নদীৰ পানীত পেলাই দিয়াৰ ফলত দৰঙা নৈৰ পাৰত বসবাস কৰা হিন্দু, মুছলমান, খ্ৰীষ্টান সকলো সম্প্ৰদায়ৰ লোকে গো-মাংসৰ তীব্ৰ দুৰ্গন্ধ দৈনিক সহিবলগাত পৰিছে ।
স্থানীয় ৰাইজে কেইবাবাৰো এই বিষয়ে দৰঙামেলা আৰক্ষী চকীত আপত্তি দৰ্শাই এজাহাৰ দাখিল কৰিছিল যদিও কোনোধৰণৰ ফল নধৰিল বুলি অভিযোগ উঠিছে । এজাহাৰ দিয়াৰ পিছত কেইদিনমান বন্ধ হয় যদিও পিছত আগৰ দৰে পুনৰ গো-মাংস বিক্ৰী কৰা চক্ৰটো সক্ৰিয় হৈ ব্যবসায় আৰম্ভ কৰে বুলি অভিযোগ উঠিছে ।
মন কৰিবলগীয়া কথাটো হ'ল, আৰক্ষী-প্ৰশাসনৰ সন্মুখতে এনেধৰণৰ ছিণ্ডিকেট চক্ৰই গা কৰি উঠাৰ ফলত সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । স্থানীয় ৰাইজে অতিশীঘ্ৰেই গো-মাংসৰ ছিণ্ডিকেট চক্ৰটোক উৎখাত কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনাইছে ।
- Log in to post comments
- 14 views