মহাৰাষ্ট্ৰত ভয়াৱহ খৰাং-জল সংকট:গাঁও এৰি আহিবলৈ বাধ্য হৈছে জনতা

maha

মহাৰাষ্ট্ৰত ভয়ংকৰ খৰাং পৰিস্থিতি।উৎকট গ্ৰীষ্ম আৰু কম পৰিমাণৰ বৰষুণৰ বাবে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত নৈ,জান-জুৰি,পুখুৰী, কুঁৱা শুকাই গৈছে আৰু জনসাধাৰণে পিয়াহৰ পানীটুপিৰ বাবে হাবাথুৰি খাইছে।ৰাজ্যখনৰ বুলঢাণা জিলাত এতিয়া সবাতোকৈ ভয়াৱহ খৰাং।জিলাখনত থকা জলাশয়সমূহ এতিয়া প্ৰায় শুকাই গৈছে।বুলঢাণা জিলাৰ ৯১ টা বান্ধৰ ৫৫ টা ইতিমধ্যে শুকাই গৈছে।

maha 9

জিলাখনৰ ২১০ খন গাঁৱলৈ চৰকাৰে টেংকাৰৰ জড়িয়তে পানীৰ যোগান ধৰিছে।কিন্তু টেংকাৰৰ পানী পৰ্যাপ্ত হোৱা নাই গাঁওবাসীৰ বাবে।যাৰ বাবে উল্লিখিত গাঁওসমূহৰ অনেক লোকে গাঁও এৰি আহিবলৈ ধৰিছে।

Your Comments