ৰাজ্যৰ পঞ্চায়তে পঞ্চায়তে এতিয়া যেন চলিছে দুৰ্নীতিৰাজ । এই দুৰ্নীতিয়ে উদঙাইছে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনৰ প্ৰকৃত স্বৰূপটো । চৰকাৰ সলনি হ'ল, সলনি নহ'ল পঞ্চায়তীৰাজ ব্যৱস্থাত চলি থকা দুৰ্নীতি । নগাঁও জিলাৰ কঠীয়াতলি উন্নয়ন খণ্ডৰ অন্তৰ্গত জুৰিপাৰ পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ উঠিছে পঞ্চায়তখনৰ মুৰব্বীৰ বিৰুদ্ধে ।
যাৰ কাৰণে আঠ মাহেও এজন আৰ টি আই কৰ্মীক তথ্য যোগান নধৰাৰ অভিযোগ উঠিছে । জানিব পৰামতে, জুৰিপাৰ পঞ্চায়তত চলি থকা উন্নয়নৰ কামত ব্যাপক অনিয়মৰ অভিযোগ সৰ্ম্পকত তথ্য সংগ্ৰহৰ বাবে যোৱা ২০১৭ চনৰ ২৬ ডিচেম্বৰত চিৰাজ উদ্দিন নামৰ এজন লোকে নগাঁও জিলা উপায়ুক্ত, নগাঁও জিলা পৰিষদ আৰু কঠীয়াতলি উন্নয়ন খণ্ডত তথ্য জনা আইনৰ অধীনত আবেদন কৰে । কিন্ত লোকজনক আজিকোপতি কোনোধৰণে তথ্য যোগান নধৰিলে এটা পক্ষইও ।
জানিব পৰামতে, পৰ্যায়ক্ৰমে জিলা উপায়ুক্ত, নগাঁও জিলা গ্ৰামোন্নয়ন বিষয়া, কঠীয়াতলি উন্নয়ন খণ্ড বিষয়াই পঞ্চায়তখনৰ সচিবক তথ্যসমূহ দিবৰ বাবে নিৰ্দেশ দিছিল যদিও সচিবগৰাকীয়ে তথ্যসমূহ যোগানৰ পৰা আঠ মাহেও হোঁহকা-পিচলা কৰি আছে । বঞ্চিত আৰ টি আই কৰ্মীজনে জিলা উপায়ুক্ত, উন্নয়ন খণ্ড বিষয়া আাৰু পঞ্চায়ত সচিবক বহুবাৰ লগ কৰিও সুফল নোপোৱাত আদালতৰ কাষ চপাৰ হুংকাৰ দিছে ।
উল্লেখ্য যে পঞ্চায়তখনত ইন্দিৰা আৱাস গৃহ, ৰাস্তা-ঘাট আদি উন্নয়ন আঁচনিত ব্যাপক দুৰ্নীতি-অনিয়ম হোৱাৰ অভিযোগ উঠিছে ৷ এইবোৰৰ নিৰপেক্ষ তদন্ত দাবী কৰিছে স্থানীয় ৰাইজে ।
- Log in to post comments
- 14 views