প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে 'আইএনএছ বিৰাট'ক ব্যক্তিগত টেক্সি হিচাপে ব্যৱহাৰ কৰিছিল:নৰেন্দ্ৰ মোডী

sindhu

নিউজ ডেস্ক:

প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে ভাৰতীয় যুদ্ধ জাহাজ 'আইএনএছ বিৰাট'ক ব্যক্তিগত টেক্সি হিচাপে ব্যৱহাৰ কৰাৰ  অভিযোগ উত্থাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।ভাৰতৰ সমুদ্ৰসীমাৰ সুৰক্ষাৰ দায়িত্বৰ পৰা আঁতৰাই আইএনএছ বিৰাটক ৰাজীৱ গান্ধীয়ে অৱসৰ বিনোদনৰ বাবে ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে মোডীয়ে।


যুদ্ধ জাহাজখনৰে ৰাজীৱ গান্ধীয়ে তেওঁৰ ইটালীৰ শহুৰপক্ষৰ পৰিয়ালবৰ্গৰ সৈতে এটা দ্বীপলৈ গৈ ১০ দিন অৱসৰ বিনোদন কৰাৰ অভিযোগ নিৰ্বাচনী প্ৰচাৰ সভাত তোলে মোডীয়ে।১০ দিন ধৰি যুদ্ধ জাহাজখন দ্বীপটোতে অৱস্থান গ্ৰহণ কৰি আছিল বুলি মোডীয়ে উল্লেখ কৰে।এনে কাৰ্যক ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাত গুৰুতৰ হেতালি আখ্যা দিয়ে প্ৰধানমন্ত্ৰী মোডীয়ে। 


আনহাতে,বিজেপিয়ে এখন আলোকচিত্ৰ প্ৰকাশ কৰি পণ্ডিত নেহৰু,ইন্দিৰা গান্ধী আদিয়েও যুদ্ধ জাহাজখনক ব্যক্তিগত কাৰ্যত ব্যৱহাৰ কৰিছিল বুলি প্ৰমাণ কৰিবলৈ বিচাৰিছে।আলোকচিত্ৰখনত ইন্দিৰা গান্ধীক যুদ্ধ জাহাজখনত দেখা গৈছে।

Your Comments