তপন বৰগোহাঁই
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক দেওবাৰে তিনিজনীয়া তদন্ত কমিটীয়ে দোষমুক্ত ঘোষণা কৰিছিল।গগৈক দোষমুক্ত ঘোষণাৰ পিছতে আজি উচ্চতম ন্যায়ালয়ত একাংশ মহিলা অধিবক্তা আৰু সমাজকৰ্মীয়ে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী। ৰঞ্জন গগৈক দোষমুক্ত ঘোষণা কৰাত অসন্তুষ্টি ব্যক্ত কৰি মহিলা অধিবক্তাসকলে উচ্চতম ন্যায়ালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে বাধা প্ৰদান কৰে যদিও আৰক্ষীৰ বাধাক গুৰুত্ব নিদিয়াত বহুকেইগৰাকী প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।ইফালে প্ৰতিবাদকাৰীসকলক গ্ৰেপ্তাৰ কৰাৰ পাছতে উচ্চতম ন্যায়ালয়ৰ চৌহদত ১৪৪ ধাৰা জাৰি কৰা হয়।
- Log in to post comments
- 26 views