নিউজ ডেস্ক :
অসমৰ প্ৰতাপী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ত আজি সন্ধিয়া এক ভয়ংকৰ আক্ৰমণ সংঘটিত হয়।
মন্ত্ৰীগৰাকী এই আক্ৰমণৰ মুখামুখি হয় পশ্চিমবংগৰ পশ্চিম মেদিনীপূৰত।উল্লেখ্য যে আক্ৰমণৰ সময়ত হিমন্ত বিশ্বৰ শৰ্মাৰ সৈতে একেখন গাড়ীতে আছিল পশ্চিমবঙ্গ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ ঘোষো।ইফালে এই আক্ৰমণৰ ফলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দিলীপ ঘোষ নিৰাপদে আছে যদিও বহুকেইজন বিজেপি কর্মী দুৰ্বৃত্তৰ আক্ৰমণত আহত হোৱা বুলি জানিব পৰা গৈছে।দুৰ্বৃত্তৰ আক্ৰমণ ইমানেই ভয়ংকৰ আছিল যে হিমন্তৰ কনভয়ত থকা দুখনকৈ গাড়ীৰ বহু পৰিমানে ক্ষতিসাধন হয়।
ইফালে এই আক্ৰমণত তৃণমূল কংগ্ৰেছ কর্মী জড়িত থকা বুলি অভিযোগ কৰিছে বিজেপি কর্মী সকলে।
- Log in to post comments
- 59 views