নিউজ ডেস্ক:
ওড়িশাত প্ৰলয়ংকৰী ঘূৰ্ণি ধুমুহা 'ফানী'য়ে উপকূলীয় অঞ্চল স্পৰ্শ কৰাৰ পূৰ্বেই আৰম্ভ হৈছে প্ৰৱল বতাহৰ তাণ্ডৱ।ৰাজধানী ভুৱনেশ্বৰ,কেন্দ্ৰপাৰা আদি এলেকাত তীব্র বতাহ বলিছে;প্ৰচুৰ বৰষুণ হ'বলৈ ধৰিছে।
আনহাতে,যিকোনো সময়তে পুৰীৰ সমীপৰ গোপালপুৰ আৰু চন্দবলী এলেকাৰ মাজত বংগোপসাগৰৰ উপকূল স্পৰ্শ কৰিব 'ফানী'য়ে।বতাহৰ গতিবেগ হ'ব ঘণ্টাত ১৭০-২০০ কি:মি:।ইতিমধ্যে প্ৰশাসনে বিপদসংকুল এলেকাত বাস কৰা ১১ লাখ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে।
- Log in to post comments
- 31 views