ফানীৰ প্ৰভাৱ:ওড়িশাত নাগৰিকক নিৰাপদ স্থানলৈ স্থানান্তৰ আৰম্ভ

fani

'ফানী' ক্ৰমান্বয়ে কাষ চাপিছে ওড়িশাৰ পুৰীৰ।পুৰীৰ পৰা ৪২০ কি:মি: দক্ষিণ-পশ্চিমত বৰ্তমান অৱস্থান ঘূৰ্ণি ধুমুহা ফানীৰ।ইফালে,বৃহস্পতিবাৰৰ দুপৰীয়াৰ পৰা ফানীৰ তাণ্ডৱৰ প্ৰাৰম্ভিক প্ৰমাণ প্ৰত্যক্ষ কৰা হৈছে।ওড়িশাৰ সমুদ্ৰ-তীৰত প্ৰৱল বৰষুণ আৰম্ভ হৈছে।

 

ওড়িশাৰ সন্মুখত আহি পৰা গভীৰ সংকটৰ দিশলৈ লক্ষ্য ৰাখি ৰাজ্যখনৰ চিকিৎসক আৰু স্বাস্থ্য কৰ্মী সকলৰ ছুটী অহা ১৫ মে'লৈ স্থগিত ৰখা হৈছে।শেহতীয়া তথ্য মতে,ওড়িশা চৰকাৰে ৰাজ্যখনৰ দ' এলেকাত বাস কৰা নাগৰিকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিবলৈ আৰম্ভ কৰিছে।

 

Your Comments