চিবিএছচিৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত হংসিকা শুক্লা আৰু কৰিশ্মা অৰোৰাৰ শীৰ্ষস্থান দখল 

ha

২০১৯ৰ চিবিএছচিৰ দ্বাদশ শ্ৰেণীৰ ফলাফল আজি ঘোষণা কৰা হয়৷ ঘোষিত ফলাফল অনুযায়ী দুগৰাকী ছাত্ৰীয়ে এই বছৰৰ পৰীক্ষাত শীৰ্ষ স্থান অধিকাৰ কৰে৷ মুঠ ৫০০ নম্বৰৰ ভিতৰত দুয়োৱে লাভ কৰে ৪৯৯কৈ নম্বৰ৷ হংসিকা শুক্লা আৰু কৰিশ্মা অৰোৰাই ৯৮.৮ শতাংশ নম্বৰেৰে এই বছৰৰ চিবিএছই দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰিবলৈ সক্ষম হয়৷

 

আনহাতে, পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৮৮.৭% আৰু ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৭৯.৪%৷
চিবিএছইৰ তথ্যমতে, এই বছৰৰ উত্তীৰ্ণৰ শীৰ্ষৰ তিনিটা মণ্ডল হ’ল ক্ৰমে ত্ৰিবান্দ্ৰম, (উত্তীৰ্ণৰ হাৰ ৯৮.২%), চেন্নাই (উত্তীৰ্ণৰ হাৰ ৯২.৯৩%) আৰু দিল্লী (উত্তীৰ্ণৰ হাৰ ৯১.৮৭%)৷

Your Comments