ৱাহিদুদ জামান,নগাঁও, ১ মে' :
বিজেপিৰ দলৰ সাংসদ ৰাজেন গোহাঁইৰ দখলত থকা নগাঁও সংসদীয় সমষ্টি আৰু কংগ্ৰেছ দলৰ সাংসদ গৌৰৱ গগৈৰ দখলত থকা কলিয়াবৰ সংসদীয় সমষ্টি দুটাত প্ৰতি বছৰে কেন্দ্ৰীয় চৰকাৰে আবন্টন দিয়া ধন ব্যয় কৰাত চুড়ান্ত ভাবে ব্যৰ্থ এই দুগৰাকী সাংসদ। অৱশ্যে সাংসদ পুঁজিৰ যিখিনি ধন বিভিন্ন আচনিৰ বিপৰীতে ব্যয় কৰা দেখুৱাইছে, তাৰ বহু আচনিৰ অস্তিত্ব বিচাৰি পাবলৈ নাই। প্ৰাপ্ত তথ্য মতে, কলিয়াবৰ সংসদীয় সমষ্টিৰ বাবে বিগত ২০১৪ চনৰ পৰা ২০১৯ চনলৈ সাংসদ পুজিৰ মুঠ ২৫ কোটি ধাৰ্য কৰা হৈছিল।
ইয়াৰে ১৭.৫০ কোটি টকা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি দিছিল আৰু সাংসদ গৰাকীয়ে বিভিন্ন আচনি ৰূপায়ণৰ নামত ১৪.৭৯ কোটি টকা ব্যয় কৰিছে। বৰ্ষ ভিত্তিত গগৈৰ সাংসদ পুঁজিৰ লাভ কৰা আবন্টন আৰু ব্যয় এনেধৰণৰ - ২০১৪-১৫ বৰ্ষত মুঠ আবন্টিত ৫ কোটিৰ টকাৰ বিপৰীতে ৪.৫১ কোটি টকা ব্যয় কৰা হৈছে। ২০১৫-১৬ বৰ্ষত আবন্টিত মুঠ ৫ কোটি টকাৰ বিপৰীতে ৪.৬২ কোটি টকা ব্যয় কৰা হৈছে। ২০১৬-১৭ বৰ্ষত মুঠ আবন্টিত ৫ কোটি টকাৰ বিপৰীতে ৩.৭৪ কোটি টকা ব্যয় কৰা হৈছে। উল্লেখ্য যে সাংসদ গৌৰৱ গগৈয়ে ২০১৭-১৮ আৰু ২০১৮-১৯ বৰ্ষত সাংসদ পুঁজিৰ কোনো ধনৰ আবন্টন লাভ কৰা নাই।
ইপিনে, ৰাজেন গোহাঁইয়ে প্ৰতিনিধিত্ব কৰা নগাঁও সংসদীয় সমষ্টিত ২০১৪ চনৰ পৰা ২০১৯ বৰ্ষলৈ মুঠ ২৫ কোটি টকা ধাৰ্য কৰা হৈছিল। ইয়াৰে ২২.৫০ কোটি টকা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি দিছে। এই আবন্টিত পুঁজিৰ বিপৰীতে সাংসদ গৰাকীয়ে সমষ্টিটোত বিভিন্ন আচনি ৰূপায়ণৰ বাবে ২৪.৬৯ কোটি টকাৰ আচনি প্ৰস্তুত কৰি অনুমোদনৰ বাবে প্ৰেৰণ কৰিছিল। এইদৰে তেওঁ আবন্টিত ধনতকৈ প্ৰায় ২ কোটি টকাৰ অতিৰিক্ত আচনি প্ৰেৰণ কৰিছিল বুলি প্ৰাপ্ত তথ্যত প্ৰকাশ।
আনহাতে, নগাঁও সংসদীয় সমষ্টিত বৰ্ষ ভিত্তিত আবন্টিত পুজি আৰু ব্যয় কৰা ধনৰ পৰিমাণ এনেধৰণৰ - ২০১৪-১৫ বৰ্ষত ৫ কোটি টকাৰ বিপৰীতে এই বৰ্ষটোত ৪.৮৩ কোটি ব্যয় কৰা হৈছে। ২০১৫-১৬ বৰ্ষত সম পৰিমাণৰ পুজি অৰ্থাৎ ৫ কোটি টকাৰ আবন্টন লাভ কৰাৰ বিপৰীতে ৪.৮৩ টকা ব্যয় কৰা হৈছে। ২০১৬-১৭ বৰ্ষত ৫ কোটি টকা আবন্টন লাভ কৰাৰ বিপৰীতে ৪.৭০ কোটি ব্যয় কৰা হৈছে। ২০১৭-১৮ বৰ্ষত ৫ কোটিৰ বিপৰীতে ৪.৫৪ কোটি টকা ব্যয় কৰিছে। মনকৰিবলগীয়া বিষয় এই যে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে মুঠ আবন্টিত ধনৰ ৭৭.৫২ শতাংশ পুঁজি ব্যয় কৰিছে।
অতি আচৰ্যজনক বিষয় এই যে সাংসদ গৰাকীয়ে আবন্টিত হোৱা সাংসদ পুঁজিৰ ৪.২৪ কোটি টকা অব্যৱহৃত হৈ আছে। আনহাতে, নগাঁও সংসদীয় সমষ্টিৰ সাংসদ ৰাজেন গোহাঁইয়ে সাংসদ পুঁজিৰ অধীনত লাভ কৰা আবন্টিত মুঠ পুজিৰ ৮৩.৪২ শতাংশ ধনহে ব্যয় কৰিছে। আনহাতে, তেওঁৰ অব্যৱহৃত ধনৰ পৰিমাণ ৪.৭ কোটি টকা।
তাৎপৰ্যপূৰ্ণ বিষয় এই যে নগাঁও সংসদীয় সমষ্টিৰ পৰা চাৰিবাৰ কৈ সাংসদ হিচাপে নিৰ্বাচিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰী সভাত ৰাজেন গোহাঁইয়ে কেন্দ্ৰীয় ৰেল মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত হোৱাৰ পিছতো সংসদীয় সমষ্টি এলেকাত কোনো এটা চকুত লগা আচনি ৰূপায়ণ কৰিবলৈ সক্ষম নোহোৱাটো অতি দুৰ্ভাগ্যজনক বিষয় হিচাপে বিবেচিত হৈছে। গোহাঁইৰ সমান্তৰাল ভাবে সাংসদৰ মজিয়ালৈ কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা প্ৰথম বাৰৰ বাবে নিৰ্বাচিত গৌৰৱ গগৈৰ কৰ্মৰ নমুনাও অতি পুতৌজনক ।
- Log in to post comments
- 28 views