![bgn](/sites/default/files/styles/article_detail/public/2019-04/WhatsApp%20Image%202019-04-30%20at%208.15.50%20PM.jpeg?itok=aTnoY1nO)
বঙাইগাঁওঃ ৩০ এপ্রিলঃ
অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ উত্তৰসুৰী কোম্পানী অসম শক্তি বিতৰণ কোম্পানী, অসম শক্তি বিতৰণ নিগম লিমিটেড আৰু অসম বিদ্যুৎ গ্ৰীড নিগম লিমিটেডৰ তৃতীয় আৰু চতুর্থ শ্ৰেণীৰ পদৰ বাবে ২৮ এপ্রিলত অনুষ্ঠিত বাছনি পৰীক্ষাত ব্যাপক বিসংগতি আৰু দুৰ্নীতি হোৱা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত আসাম ষ্টেট পাৱাৰ ৱা'ৰ্কাৰ্চ ইউনিয়নে গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে এই অভিযোগ সন্দৰ্ভত উচ্চ পর্যায়ৰ তদন্ত কৰি তৎকালে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।
এই সন্দৰ্ভত আসাম ষ্টেট পাৱাৰ ৱা'ৰ্কাৰ্চ ইউনিয়নৰ সভাপতি ব্ৰজেন বৰি, কাৰ্যকৰী সভাপতি লীলা চাংমাই, সাধাৰন সম্পাদক অমিত কৰ আৰু প্ৰচাৰ সম্পাদক উৎপল শইকীয়াই সংবাদ মাধ্যম লৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত কয় যে ৰাজ্যখনত বিদ্যুতৰ চাহিদা আৰু গ্ৰাহকৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাৰ লগে লগে কৰ্তৃপক্ষই বিষয়াৰ সংখ্যা বৃদ্ধি কৰিলে যদিও তৃতীয় আৰু চতুর্থ শ্রেণীৰ কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি নকৰিলে। বৰং ইয়াৰ বিপৰীতে অৱসৰৰ ফলত স্থায়ী কৰ্মচাৰীৰ সংখ্যা একেবাৰে কমি গ'ল।
কিন্তু আসাম ষ্টেট পাৱাৰ ৱা'ৰ্কাৰ্চ ইউনিয়নৰ ক্ৰমাগত হেচাৰ ফলত অৱশেষত কৰ্তৃপক্ষই কিছুসংখ্যক তৃতীয় আৰু চতুর্থ শ্রেণীৰ পদত নিযুক্তিৰ ব্যবস্থা কৰে যদিও একাংশ বিষয়া-কৰ্মচাৰীৰ ন্যস্ত স্বাৰ্থমহলে নিকা আৰু স্বচ্ছ ভাৱে সাক্ষাৎকাৰ অনুষ্ঠিত কৰাত তথা ন্যায় সংগতভাৱে নিযুক্তি পোৱাত নানা প্ৰতিবন্ধকতাৰ সৃষ্টি কৰি আহিছে। ফলত নিযুক্তি প্ৰক্ৰিয়াটোত প্ৰথমৰে পৰা বিভিন্ন বেমেজালিৰ সৃষ্টি হৈ আহিছে।
ইতিমধ্যে ন্যস্ত স্বাৰ্থমহলে বিধিসন্মতভাৱে বিভাগটোত দীর্ঘদিন ধৰি অস্থায়ীভাৱে কাম কৰি থকা কৰ্মচাৰীকসকলক কেনেকৈ বঞ্চিত কৰিব পাৰি তাৰ ষড়যন্ত্রত লিপ্ত হৈ আহিছে। চকীদাৰ, পিয়ন, আৰু গেষ্ট হাউচ এচিষ্টেন্ট হিচাপে দীর্ঘদিন কাম কৰি থকা সকলক ইতিমধ্যে বঞ্চিত কৰা হৈছে।
ইপিনে তিনিওটা কোম্পানীৰ বাবে নিযুক্তি হ'ব যদিও অসম শক্তি উৎপাদন আৰু অসম বিদ্যুৎ গ্ৰীড নিগমৰ পৰিচালন সঞ্চালক দুগৰাকীৰ অৰ্কমণ্যতাৰ বাবে এপিডিচিএলৰ প্ৰয়োজনীয়তা লৈ চাই গ্ৰহণ কৰা সিদ্ধান্তসমূহ বাকী দুটা কোম্পানীত জাপি দিয়া হৈছে বুলিও ইউনিয়নৰ নেতৃত্বইঅভিযোগ কৰে ৷ লগতে সকলো ধৰণৰ অস্থায়ী কৰ্মীয়েই ন্যায় পাব পৰাকৈ আৰু নতুন নিযুক্তি সুকলমে কৰিবলৈ ভালেকেইটা পৰামৰ্শ কৰ্ত্তৃপক্ষক আগবঢ়োৱা হৈছিল যদিও একাংশ মইমতলীয়া অহংকাৰী আৰু সুস্থ সিদ্ধান্ত ল'ব নোৱাৰা বিষয়াৰ প্ৰৰোচনাত উৰ্দ্ধতম কৰ্ত্তৃপক্ষই বাৰে বাৰে উজুতি খাব লগা হৈছে বুলিও বিবৃতিটোত আসাম ষ্টেট পাৱাৰ ৱাকাৰ্ছ ইউনিয়নৰ নেতৃত্বই অভিযোগ কৰে ৷
আনহাতে ইউনিয়নক দিয়া প্ৰতিশ্ৰুতি অনুসৰি ১৮ দফীয়া দাবীসমূহ কাৰ্যকৰী নকৰাৰ প্ৰতিবাদত আৰু স্বচ্ছ আৰু নিকা নিযুক্তিৰ দাবীত শীঘ্ৰেই ইউনিয়নে ব্যাপক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও বিবৃতিটোত ইউনিয়নৰ নেতৃত্বই উল্লেখ কৰিছে ৷
- Log in to post comments
- 53 views