![debabrat](/sites/default/files/styles/article_detail/public/2019-04/WhatsApp%20Image%202019-04-30%20at%202.16.14%20PM%20%283%29.jpeg?itok=MABR8ASp)
শিৱসাগৰঃ ৩০ এপ্ৰিলঃ
দেওবাৰে অনুষ্ঠিত হোৱা এ পি ডি চি এলৰ লিখিত পৰীক্ষাত হোৱা বিসংগতি সন্দৰ্ভৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে বিৰোধী দলপতি তথা নাজিৰা বিধান সভাৰ সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই। পত্ৰ নং এলএ/এলঅপি/১৪/২০১৯/৩৫৩৭, তাৰিখ ২৯-০৪-২০১৯ যোগে বিৰোধী দলপতি গৰাকীয়ে মুখ্যমন্ত্ৰীক কয়, দেওবাৰে অনুষ্ঠিত এপিডিচিএলৰ লিখিত পৰীক্ষাত ব্যাপক বিসংগতি সংঘটিত হৈছে।
ছচিয়েল মিডিয়াত প্ৰশ্ন কাকত ফাদিল হোৱা, কিছুমান পৰীক্ষাৰ্থীক আগতীয়াকৈ উত্তৰ যোগান ধৰা আৰু পৰীক্ষা কেন্দ্ৰৰ ভিতৰত কিছুমান পৰীক্ষাৰ্থীয়ে মোবাইফোন ব্যৱহাৰ কৰাৰ বিশ্বাসযোগ্য প্ৰমাণ পোৱা গৈছে। এই সন্দৰ্ভত দুজন নিৰীক্ষক আৰু এজন পৰীক্ষাৰ্থীক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে। ইয়াৰোপৰি সংবাদ মাধ্যমত শক্তি বিভাগৰ একাংশ প্ৰভাৱশালী ব্যক্তিয়ে উক্ত পদ সমুহৰ সৰহ সংখ্যকেই স্বজন তোষণক আৰু ধনৰ লেনদেনৰ জৰিয়তে নিদিষ্ট প্ৰাৰ্থীৰ বাবে সংৰক্ষণ কৰি থোৱা হৈছে বুলি বাতৰিও প্ৰচাৰ হৈছে।
পত্ৰখনত মুখ্যমন্ত্ৰীক কয় যে, আপোনাৰ শাসন কালত বন আৰু পৰিবেশ বিভাগ আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ খালী পদ পূৰণৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ পিছত এইটো তৃতীয় বিসংগতিপূৰ্ণ পৰীক্ষা অনুষ্ঠিত হল। তেওঁ লগতে উল্লেখ কৰে যে, আপুনি অসমৰ ৰাইজক স্বচ্চ নিকা প্ৰশাসন দিয়াৰ লগতে দূৰ্নীতিৰ লগত আপোচ নকৰো বুলি বাৰম্বাৰ কৈ আহিছে যদিও চিণ্ডিকেটৰ ক্ষেত্ৰতে বা চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰতে আপোনাৰ নেতৃত্বধীন চৰকাৰখনে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰাৰ দিশে অগ্ৰসৰ হৈছে।
পত্ৰৰ যোগেদি তেওঁ দাবী উত্থাপন কৰে যে, কেৱল বিৰোধী দলপতি ৰূপেই নহয়, অসমৰ এজন বাসিন্দা হিচাপে দাবী জনাও দুই লাখতকৈ অধিক নিবনুৱা পৰীক্ষাৰ্থীক অন্যায় কৰা এই বিভাগীয় পৰীক্ষাটো বাতিল কৰি পুনৰ অনুষ্ঠিত কৰা হওক। ইয়াৰোপৰি এপিডিচিএল ৰ বিসংগতিমূলক পৰীক্ষাৰ বাবে দোষী ব্যক্তি সকলৰ বিৰুদ্ধে পদবীলৈ নাচায় শাস্তি মূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।
- Log in to post comments
- 31 views