ওড়িশা আৰু পশ্চিম বংগবাসীৰ বাবে বিপদৰ বাৰ্তা কঢ়িয়াই আনিছে ঘূৰ্ণি ধুমুহা ফেনীয়ে।বতৰ বিজ্ঞান বিভাগৰ তথ্য মতে ৪ মে'ত ১৭০-১৯০ কি:মি: বতাহৰ বেগেৰে ফেনীয়ে ওড়িশাৰ বংগোপ সাগৰপাৰৰ মন্দিৰ নগৰী পুৰীক কোবাই যাব।
পুৰীৰ লগতে বালাছোৰ,কোণাৰ্ক আদি বৃহৎ এলেকাত ফেনীয়ে তাণ্ডৱ চলাব।ইয়াৰ পিছত ৪-৫ মে'ত ঘূৰ্ণি ধুমুহাজাকে পশ্চিম বংগৰ সুন্দৰবনকে ধৰি বহু অংশ কোবাই যাব।
- Log in to post comments
- 27 views