প্ৰধানমন্ত্ৰী মোডী-অমিত শ্বাহে নিৰ্বাচনী আচৰণবিধি উলংঘা কৰিছে নেকি ?

modi sah

নিউজ ডেস্ক:

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপি অধ্যক্ষ অমিত শ্বাহে প্ৰচাৰ অভিযানত নিৰ্বাচনী আচৰণবিধি উলংঘা কৰিছে নেকি?আজি এই বিষয়ত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে।


প্ৰধানমন্ত্ৰী মোডী আৰু অমিত শ্বাহে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰিছে বুলি কংগ্ৰেছে নিৰ্বাচন আয়োগক বাৰম্বাৰ অভিযোগ দিয়া স্বত্বেও আয়োগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে দলটোৱে।


শিলচৰৰ সাংসদ সুস্মিতা দেৱে উচ্চতম ন্যায়ালয়ৰ ওচৰত এই অভিযোগ উত্থাপনৰে এখন আবেদন দাখিল কৰিছিল।আজি এই আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হ'ব।

Your Comments