লংকাৰ পৰা মনোজ কুমাৰ পাঠক
দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিছত লংকা থানা এলেকাৰ ১৭৪ নং নিজ উদালী কেন্দ্ৰত কংগ্ৰেছ দলৰ মজিবুৰ ৰহমান, গিয়াছ উদ্দিন আৰু আন কেইজনমান কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলৰ প'লিং এজেন্ট মিনহাজ উদ্দিন লস্কৰক মাৰপিট কৰিছিল।ইয়াক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল বিজেপি কৰ্মীয়ে।
যোৱা নিশা মিনহাজৰ এজাহাৰৰ ভিত্তিত হোজাই জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক গিয়াছ উদ্দিন আৰু মজিবুৰ ৰহমান (লালা) আৰু এজন কংগ্ৰেছ সদস্যক আৰক্ষীয়ে আটক কৰে।
কংগ্ৰেছ নেতা-কর্মীকেইজনক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ দাবী জনাই নিশা বিজেপি নেতা-কৰ্মীয়ে ভিৰ কৰে লংকা থানাত।
- Log in to post comments
- 129 views
