নিউজ ডেস্ক:
পাকিস্তানে চীনক পৰম বন্ধু বুলি কৈ থাকিলেও ৰঙাচীনৰ ওচৰত দেশখনৰ গুৰুত্ব কিমান তল খাপৰ,তাৰ প্ৰমাণ পোৱা গ'ল। 'বেল্ট এণ্ড ৰোডছ সন্মিলন'লৈ অহা পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানক আদৰণি জনায় বেইজিং মহানগৰৰ পৌৰ সমিতিৰ ডেপুটি ছেক্ৰেটেৰী জেনেৰেল লী লিফেঙে।
এজন প্ৰধানমন্ত্ৰীক পৌৰ সমিতিৰ এজন বিষয়াই আদৰণি জনোৱাটোতে ওলাই পৰে চীনৰ ধাৰত পোত খোৱা পাকিস্তানক ৰঙাচীনে কি বুলি গণ্য কৰে!দৰাচলতে অনবৰতে আৰ্থিক ভিক্ষা বিচাৰি থকা পাকিস্তানক চীনে ইয়াতকৈনো কি অধিক সন্মান দিব !
ইফালে,বিষয়টোৱে তোলপাৰ লগাইছে পাকিস্তানৰ সমাজ-জীৱনত।
- Log in to post comments
- 66 views