নিউজ ডেস্ক:
নিৰ্বাচনৰ খৰচৰ বাবে সাধাৰণ জনতাৰ পৰা বৰঙণি সংগ্রহ 'ক্ৰাউড ফাণ্ডিং'ত সবাতোকৈ আগত আছে বিহাৰৰ বেগুচৰাই লোকসভা সমষ্টিৰ চিপিআইৰ প্ৰাৰ্থী কানহায়া কুমাৰ।২৯ এপ্ৰিলত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পূৰ্বে তেওঁ এতিয়ালৈ সংগ্ৰহ কৰিছে ৭০ লাখ টকা। আনহাতে, এই ক্ষেত্ৰত দ্বিতীয় স্থানত আছে আম আদমী পাৰ্টীৰ পূব দিল্লী সমষ্টিৰ প্ৰাৰ্থী আতিশী।
আতিশীয়ে এতিয়ালৈকে ৬১ লাখ টকাৰ জনতাৰ বৰঙণি পাইছে।সমষ্টিটোত ১২ মে'ত নিৰ্বাচন হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁ জনতাৰ পৰা অধিক বৰঙণি পোৱাৰ সম্ভাৱনা আছে।
- Log in to post comments
- 26 views