![majuli](/sites/default/files/styles/article_detail/public/2019-04/WhatsApp%20Image%202019-04-25%20at%208.25.22%20PM%20%287%29.jpeg?itok=CEE77NjU)
ৰাজীৱ পাতিৰ,মাজুলী :
মাজুলী নয়াবজাৰ তৰুণ চন্দ্ৰ পামেগাম ক্ষেত্ৰত আজিৰ পৰা উদুলি মুদুলি পৰিৱেশত আৰম্ভ হৈছে ২৩ সংখ্যক মিচিং আগম কেবাং(মিচিং সাহিত্য সভা) । অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰায় পোন্ধৰশ প্ৰতিনিধিৰ লগতে অৰুণাচল প্ৰদেশৰ পৰা অহা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা প্ৰথম দিনৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ ভিতৰত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সভা,প্ৰতিনিধি পঞ্জীয়ন,তৰুণ চন্দ্ৰ পামেগাম ক্ষেত্ৰ উন্মোচন কৰে মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দেৱজিৎ শইকীয়াই ।
মুখ্য আদৰণি তোৰণ উন্মোচন কৰে ডক্টৰ নৱ কুমাৰ পেগুৱে । মুৰং অকুম উন্মোচন কৰে প্ৰাক্তন জলসসম্পদ মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে । বস্ত্ৰ আৰু খাদ্য মেলা উন্মোচন কৰে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্যা ৰঞ্জনা দলেই ।
ভোজনালয় উন্মোচন কৰে উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ফনীধৰ টাহুৱে। প্ৰতিনিধি শিবিৰ উন্মোচন কৰে মিচিং আগম কেবাংৰ প্ৰাক্তন সচিব প্ৰভাত মিলিৱে ।
- Log in to post comments
- 11 views