গোলাঘাটৰ পৰা মিনাক্ষী ফুকন
অসমীয়া সাহিত্য জগতৰ অন্যতম মহীৰূহ,সাহিত্য অকাডেমিৰ ফেল' সন্মানেৰে বিভূষিত,'মিতভাষ'ৰ স্ৰষ্টা ড° নগেন শইকীয়াক তেখেতৰ ওপজা গাঁও গোলাঘাটৰ হাতীয়েখোৱাত দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজ, বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠান ,সংগঠনৰ উদ্যোগত আৰু গোলাঘাট জিলাবাসীৰ সহযোগত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাজহুৱা সম্বৰ্ধনাৰ আয়োজন কৰিছে।
অহা ২৭ এপ্ৰিলত হাতীয়েখোৱা ৰাজহুৱা ৰংগমঞ্চত আয়োজন কৰা অনুষ্ঠানটোত ড° শইকীয়াৰ কৰ্মৰাজিৰ লগতে সৃষ্টিৰাজি সম্পৰ্কে এখন অভিনন্দন গ্ৰন্থ আৰু স্মাৰক গ্ৰন্থৰো উন্মোচন কৰা হ'ব। উক্ত দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ১০ বজাত প্ৰশস্তি গীতেৰে অনুষ্ঠানৰ আৰম্ভণি হোৱাৰ পিছতে আদৰণি ভাষণ আৰু স্মাৰক গ্ৰন্থ উন্মোচন কৰা হ'ব। উন্মোচকৰূপে উপস্থিত থাকিব বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইন । নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট লেখক ডা: ধ্ৰুৱজ্যোতি বৰা। বিশিষ্ট অতিথি উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্য, 'প্ৰতিদিন টাইম' চেনেলৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া।
অনুষ্ঠানটোত অভিনন্দন গ্ৰন্থ উন্মোচন কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ড° বসন্ত কুমাৰ গোস্বামীয়ে। ইয়াৰ পিছতে ড° নগেন শইকীয়াক ৰাজহুৱা সম্বৰ্ধনা জনোৱা হ'ব। উক্ত সম্বৰ্ধনা কাৰ্যসূচীত সকলো অনুষ্ঠান- প্ৰতিষ্ঠান , দল - সংগঠন আৰু বিভিন্ন ব্যক্তিয়ে সম্বৰ্ধনা জ্ঞাপন কৰিব পাৰিব। গতিকে আগ্ৰহীসকলক আগতীয়াকৈ উদ্যোক্তা কমিটীৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। অসম তথা ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন সন্মান অৰ্জন কৰি সমগ্ৰ হাতীয়েখোৱা অঞ্চলটোক গৌৰৱাম্বিত কৰা ডঃ নগেন শইকীয়াৰ সম্বৰ্ধনা অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবলৈ উদ্যোক্তা কমিটীৰ হৈ ধ্ৰুৱজ্যোতি শইকীয়াই গোলাঘাট জিলাৰ সকলো ৰাইজ আৰু অনুষ্ঠান - প্ৰতিষ্ঠানৰ সহযোগ আশা কৰিছে।
- Log in to post comments
- 18 views