বৰপেটাৰোডৰ পৌৰ সভাৰ কাষত জুই : কথমপি ৰক্ষা প্ৰতিবেশীৰ

jabar

ৰঞ্জিত কুমাৰ দাস, বৰপেটাৰোড :

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে স্বচ্ছ ভাৰত অভিযানৰ বাবে হেজাৰ হেজাৰ কোটি টকা ব্যয় কৰাৰ পিছতো সেয়া কিন্তু সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে বৰপেটাৰোডত ৷

উল্লেখ্য যে বৰপেটাৰোড পৌৰসভাৰ একেবাৰে সন্মুখতে চহৰখনৰ জাৱৰবোৰ আনি ৰখাৰ ফলত এক সম্পূৰ্ণ অস্বাস্থ্যকৰ পৰিবেশৰ সৃষ্টি হৈ আছে ৷

 যাৰফলত উক্ত পথ চোৱাৰে নাকত ৰুমাল নোলোৱাকৈ কোনো লোক পাৰ হব নোৱাৰাৰ অৱস্থাৰ পিছতো এক নিৰ্বিকাৰ ভূমিকা বহন কৰি আহিছে বৰপেটাৰোড পৌৰসভাই ৷jabar2


আজি সন্ধিয়াৰে পৰা উক্ত জাবৰৰ দমত জুই লগাত এটা সময়ত জুইয়ে একেবাৰে ওচৰত থকা হস্পিতালৰ কোৱাৰ্টাৰৰ পিনে আগবঢ়াত এক হাহাকাৰ সৃষ্টি হয় অঞ্চলটোত যদিও কথমপি ৰক্ষা পৰিল প্ৰতিবেশী সকল ৷

লগে লগে ৰাইজে আতংকিত হৈ বৰপেটাৰোড অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত তেওঁলোক তাত উপস্থিত হয় ৷ 

তেওঁলোকে দুখন গাড়ীলৈ পিছত অগ্নিনিৰ্বাপন কৰাতহে ৰাইজে স্বস্তিৰ নিশ্বাস পেলায় ৷

 এই ঘটনাৰ সময়ত ঘটনাস্থলীত বহু লোক উপস্থিত হয় যদিও পৌৰ সভাৰ কোনো এজন লোক তাত উপস্থিত নোহোৱাত ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

Your Comments

Related Articles