নগাঁৱৰ  পুৰণিগুদামত  আজিৰে  পৰা ১১৭ বছৰীয়া  মিনাৰৰ  স্থানান্তৰ কাম  আৰম্ভ

minar

নগাঁৱৰ  পৰা  ঋতু  পৰ্ণ  শৰ্মা


পুৰণিগুদাম ।  নগাঁও  জিলাৰ  হিন্দু--মুছলমানসকলৰ  মিলনভূমি  । নগাঁও  জিলাৰ পূব  প্ৰান্তত  ৩৭ নং  ৰাষ্ট্ৰীয় ঘাইপথৰ  দাঁতিত  পুৰণিগুদামত  অৱস্থিত  এক  প্ৰাচীন  মিনাৰৰ  স্থানান্তৰ  প্ৰক্ৰিয়া আজিৰে পৰা  আৰম্ভ  হৈছে । উল্লেখযোগ্য যে ১৯০২ চনত  পুৰণিগুদামৰ মছতদৰ  ৰহমানৰ  নেতৃত্বত  সুদূৰ  বাংলাদেশৰ  ঢাকাৰ  এজন  ৰাজমিস্ত্ৰীয়ে  এই  মিনাৰটো  নিৰ্মাণ  কৰি  উলিয়াইছিল । পুৰণিগুদামৰ  ডঃ বিৰিঞ্চ কুমাৰ  বৰুৱা  মহাবিদ্যালয়ৰ  সমীপত  বৰমছজিদৰ  সন্মুখভাগত  ১৯৫০ চনত  বৰভূঁইকঁপৰ  লগতে  যান-বাহনৰ পৰাও অক্ষত  অৱস্থাত  বিগত ১১৭ বছৰে ঐতিহ্য  বহন কৰি  ৰখা  দুমহলীয়া মিনাৰটো স্থানান্তৰ কৰাক লৈ  পুৰণিগুদামবাসী  উৎফুল্লিত  হৈ পৰিছে । নীলাচল পাহাৰৰ  কামাখ্যা মন্দিৰ আৰু  শিৱসাগৰৰ  ৰংঘৰৰ  আৰ্হিত  নিৰ্মিত এই  দুমহলীয়া  মিনাৰটোৱে বৃহত্তৰ পুৰণিগুদামবাসীৰ  মাজত থকা  হিন্দু-মুছলমানসকলৰ  সম্প্ৰীতিৰ  চানেকি বছৰ-বছৰ ধৰি বহন  কৰি আহিছে।শেহতীয়াকৈ  মিনাৰটোৰ কাষেৰে  পাৰ  হৈ  যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱাক চাৰিলেনযুক্ত  পথলৈ সম্প্ৰসাৰণৰ কাম  'নেহা'(National Highway Authority of India)ই  হাতত  লোৱাত  ঐতিহ্যমণ্ডিত  মিনাৰটোৰ  প্ৰতি  চূড়ান্ত  ভাবুকি আহি পৰিছিল। নিৰ্দিষ্ট সময়ৰ ভিতৰত  উচ্ছেদৰ  বাবে  চৰকাৰী বিভাগে জাননী জাৰি কৰাৰ  পিছত মিনাৰটো সংৰক্ষণৰ  বাবে স্থানীয়  হিন্দু--মুছলমান উভয় সমাজে উঠিপৰি  লাগিছিল।লোহাৰ  ৰ'ডৰ সলনি পৈণত  তামোল-বাঁহ  আদিৰ  লগতে চিমেণ্ট  হিচাপে চূণ,ধূনা, হাঁহ কণী আদি  ব্যৱহাৰৰে  নিৰ্মাণ কৰা ১১৭ বছৰীয়া মিনাৰটো  সংৰক্ষণৰ প্রয়াসত কিন্তু স্থানীয় ৰাইজ হতাশ হ'ব লগীয়া হৈছিল।এফালে  চৰকাৰী  পক্ষৰ নিৰ্লিপ্ততা, আনফালে আধুনিকতাৰ  হাতোৰাত  নিঃশেষ  হোৱাৰ  উপক্ৰম হৈছিল পকী মিনাৰটো।ইফালে,  নগাঁও  জিলাৰ তদানীন্তন উপায়ুক্ত  বিশ্বজিৎ পেগুৱে  মিনাৰটো সংৰক্ষণৰ চেষ্টা কৰাৰ লগতে   স্থানীয় লোকক  আশ্বাস  প্ৰদান  কৰিছিল।কিন্তু  চামগুৰি  ৰাজহচক্ৰ বিষয়া গৰাকীয়ে  যোৱা ২৭  ফেব্ৰুৱাৰীত জাৰি  কৰা  নিৰ্দেশক  লৈ  পুৰণিগুদামবাসী  হতাশ  হৈ  পৰিছিল । 


ৰাজহচক্ৰ বিষয়াজনে  মিনাৰটো এসপ্তাহৰ  ভিতৰত  ভাঙি  নেপেলালে উচ্ছেদ কৰা হ'ব  বুলি  নিৰ্দেশ  জাৰি কৰিছিল । এনে সময়তে নগাঁও  চহৰৰ পৰা  প্ৰায় ১৪  কিলোমিটাৰ  নিলগত  অৱস্থিত  ঐতিহ্যমণ্ডিত  মিনাৰটো  সংৰক্ষণৰ  বাবে  'দেৱদূত'ৰূপে  আগবাঢ়ি  আহিল  যোৰহাটৰ  এজন  উদীয়মান কাৰিকৰী জ্ঞানসম্পন্ন যুৱক।উজনিৰ  পৰা নামনিলৈ যাওঁতে  সততে  প্ৰত্যক্ষ কৰা মিনাৰটো নিঃচিহ্ন হোৱাৰ উপক্ৰম  ঘটা বুলি  সামাজিক  মাধ্যম  ফেচবুকৰ  জৰিয়তে  জানিব  পাৰি  আধুনিক  প্ৰযুক্তিৰ  দ্বাৰা মিনাৰটো  স্থানান্তৰ  কৰিব  পৰা যাব বুলি মত প্ৰকাশ কৰে। 


যোৰহাটৰ  যুৱকজনে এই  বিষয়ে হাৰিয়ানাৰ  এক  কোম্পানীক  অৱগত কৰিছিল । এই  খবৰ  লাভ কৰি পুৰণিগুদামৰ  মুছলমান সমাজৰ ১০০ বছৰীয়া  সংগঠন  'আঞ্জুমান-ই-ইছলামিয়া'ই হাৰিয়ানাৰ 'আৰআৰএন ছনছ'  নামৰ  আধুনিক প্ৰযুক্তিৰ  কোম্পানীৰ  লগত যোগাযোগ  কৰে । এই  কোম্পানীটোৰ  অভিযন্তা গুৰজিৎ  সিঙে  পুৰণিগুদামৰ  এই  মিনাৰটোৰ  কাষত  উপস্থিত  হৈ  এমাহজোৰা  প্ৰচেষ্টাৰ  অন্তত  আজিৰ পৰা  মিনাৰটোৰ পৰা ৭০ ফুট  নিলগত  স্থানান্তৰৰ  কাম  আৰম্ভ  কৰিছে।


উল্লেখ্য  যে  বিগত  এমাহ ধৰি  দিনে-নিশাই  চেষ্টা চলাই মিনাৰটোৰ  একেবাৰে  তলত  ৰে'লৰ  ছিৰি সদৃশ  প্লেট  বহুৱাই  বিয়েৰিং  আৰু  জেকৰ  জৰিয়তে মিনাৰটোক দাঙি  দিয়া হৈছে ।এই  অত্যাধুনিক  প্ৰযুক্তিৰ জৰিয়তে  মিনাৰটোৰ স্থানান্তৰৰ কাম  পোন্ধৰ দিনৰ  ভিতৰত  সমাপ্ত হ'ব  বুলি  জানিব  পৰা  গৈছে । মিনাৰটো  স্থানান্তৰ  হ'লে  অসমৰ  ইতিহাসত  এয়া এটা নতুন  সংযোজন  হ'ব  ।


'আঞ্জুমান-ই-ইছলামিয়া'ৰ বিষয়ববীয়াই  সকলো  সময়তে  মিনাৰটোৰ স্থানান্তৰৰ  তদাৰক  কৰাৰ  লগতে  পুৰণিগুদামৰ  হিন্দু-মুছলমান সকলো  সম্প্ৰদায়ৰ লোকে এই  কামৰ  তদাৰক  কৰি  হাৰিয়ানাৰ  কোম্পানীটোৰ  কৰ্মকৰ্তাসকলক  উৎসাহিত  কৰিছে  ।

Your Comments

Related Articles